JIO কোম্পানীৰ বিৰুদ্ধে নলবাৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Jun 15, 2021, 12:38 PM IST

thumbnail

সোমবাৰে আছুৰ প্ৰতিবাদত উত্তাল হ’ল নলবাৰীৰ ৰাজপথ ৷ জিঅ’(JIO)ৰ লগতে ম’বাইল কোম্পানীৰ নিম্নমানৰ সেৱাৰ বিৰুদ্ধে নলবাৰীৰ চহৰৰ জিলিঙণি চ’কত প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ(Online Class) চলি আছে যদিও নেটৱৰ্কৰ(Network) অসুবিধাৰ বাবে সমস্যাৰ সম্মুখীন হ’বলগাত পৰিছে ৷ 4G ৰ নামত জিঅ’(JIO)ৰ লগতে বিভিন্ন ম’বাইল কোম্পানীসমূহে গ্ৰাহকক ৰামঠগন দি চলাইছে ব্যাপক লুণ্ঠন ৷ যাৰ বাবে সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল নলবাৰী ছাত্ৰ সন্থা । পৰৱৰ্তী এসপ্তাহৰ ভিতৰত নেটৱৰ্ক সেৱা উন্নত কৰাৰ আশ্বাস প্ৰদান কৰিলে জিঅ’(JIO)ৰ বিষয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.