মানিকপুৰৰ অবৈধ কাঠৰ মিলত বন বিভাগৰ অভিযান

By

Published : Nov 14, 2021, 7:27 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় । লগতে একাংশ স্থানত গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল (Wood mill) । বন বিভাগ তথা প্ৰশাসনৰ চকুৰ সন্মুখতে গঢ়ি উঠা এই মিল বোৰ বন্ধ কৰাৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদ হোৱা দেখা যায় । ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ মানিকপুৰ উপ-বন সংমণ্ডলৰ অন্তৰ্গত ২ নং ছালাবিলাত শনিবাৰে এটা অবৈধ কাঠ ফলা মিলত চলিল বন বিভাগৰ অভিযান । অভিযানত বন বিভাগে প্ৰায় ১০ হাজাৰ টকাৰ কাঠ জব্দ কৰে । বঙাইগাঁও বন সংমণ্ডল আৰু মানিকপুৰ উপ-বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে গোপন সূত্ৰৰ পম খেদি এই যৌথ অভিযান চলায় । অভিযানত জব্দ কৰা সামগ্ৰী আৰু কাঠসমূহ মানিকপুৰ উপ-বন সংমণ্ডলৰ কাৰ্যালয়ত ৰখা হৈছে । অৱশ্যে অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.