কিয় আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অপহৃতা কিশোৰীৰ পৰিয়ালে ?

By

Published : Dec 10, 2021, 8:11 PM IST

thumbnail

ৰাজ্যৰ আৰক্ষী বিভাগৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈছে বিভিন্ন পক্ষ ৷ বিশেষকৈ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্যৰ মাফিয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লোৱা পদক্ষেপত সন্তুষ্ট হৈছে ৰাইজ(Assam police on anti drug mission) ৷ দেৰিকৈ হ’লেও আৰক্ষী প্ৰশাসনৰ ওপৰত পূৰ্বতকৈ আস্থা বৃদ্ধি পাইছে ৰাজ্যবাসীৰ ৷ কিন্তু, এনে সময়তে আৰক্ষীৰ ভুমিকাক লৈ চৰম ক্ষোভ প্ৰকাশ কৰিছে এটা অসহায় পৰিয়ালে(Family of kidnapped girl is unhappy with police) ৷ উল্লেখযোগ্য যে, প্ৰায় দুমাহৰ আগতে অপহৃত হৈছিল বঙাইগাঁৱৰ হৰিৰ চৰৰ এগৰাকী কিশোৰী(Minor girl kidnapped from Bangaigaon) ৷ বঙাইগাঁও জিলাৰ মেৰেৰ চৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং হৰিৰ চৰৰ কাদেৰ আলীৰ ১৬ বছৰীয়া কন্যা গৰাকী যোৱা ২৩ ছেপ্টেম্বৰত যোগীঘোপাৰ হকডোবাৰ আত্মীয়ৰ ঘৰত আছিল ৷ অভিযোগ অনুসৰি, ইয়াৰ পৰাই হৰিৰ চৰৰ দ্বিতীয় খণ্ডৰ আব্বাছ আলীৰ পুত্ৰ ছাদ্দাম হুছেইনে কিশোৰী গৰাকীক অপহৰন কৰি লৈ যায় । ঘটনা সংক্ৰান্তত অপহৃত কিশোৰী গৰাকীৰ পৰিয়ালে লগে লগে যোগীঘোপা আৰক্ষী থানা (Jogighopa police station)ত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু, এজাহাৰ দাখিল কৰাৰ ২ মাহ পিছতো এতিয়ালৈ আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.