Anti Drug Mission: চৰাইদেউৰ নামতোলাত ড্ৰাগছ সৰবৰাহকাৰী আটক

By

Published : Jan 21, 2022, 8:06 PM IST

thumbnail

চৰাইদেউ সোণাৰিৰ নামতোলাত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ । নামতোলা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰিলে দুই যুৱকক (Drug peddler arrested at Charaideo)। যুৱক দুজনৰ নাম বিপ্লৱ গগৈ আৰু ৰাহুল ফুকন । ধৃত বিপ্লৱৰ ঘৰ সৰুপথাৰ আৰু ৰাহুল ফুকনৰ ঘৰ টিংখাঙত বুলি জানিব পৰা গৈছে । গোপন সূত্ৰৰ পম খেদি নামতোলাৰ হাতীকেম্পত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে আৰক্ষীয়ে । দুয়োজনৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী থানাত ভৰতীয় দণ্ডবিধি আইনৰ 21(A)/27/29/NDPS ধাৰা অনুসৰি গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । মন কৰিবলগীয়া যে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ ঘাটিলৈ। নামতোলাৰ পৰাই সমগ্ৰ চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈও ড্ৰাগছৰ সৰবৰাহ হৈ আহিছে দীৰ্ঘদিন ধৰি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.