থাওৰাত 'ৰাইজৰ দল'ৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ মনোনয়ন দাখিল

By

Published : Oct 7, 2021, 5:30 PM IST

thumbnail

ৰাজ্যৰ ৫ টাকৈ সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ । শিৱসাগৰৰ অন্যতম সমষ্টি থাওৰাত দেখা গৈছে বিজেপি, কংগ্ৰেছকে ধৰি আঞ্চলিক দলসমূহেও শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে । সমষ্টিটোত ৰাইজৰ দলে প্ৰক্ষেপ কৰিছে ধৈৰ্য কোঁৱৰক । বৃহস্পতিবাৰে দলে বলে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰে । শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত সেৱা লৈ মনোনয়ন দাখিল কৰে ধৈৰ্য কোঁৱৰে । ধৈৰ্য কোঁৱৰৰ সৈতে মনোনয়নৰ সময়ত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । মনোনয়ন দাখিল কৰি থাওৰা সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে । প্ৰাৰ্থীগৰাকীৰ মতে সমষ্টিটোৰ ৰাইজ বিশ্বাসঘাতকৰ বিৰুদ্ধে একত্ৰিত হৈছে । লগতে তেওঁ আশা কৰিছে যে বিধায়ক বেচা-কিনাৰ ৰাজনীতিৰ অৱসান ঘটোৱাৰ বাবে ৰাইজ এইবাৰ আগবাঢ়ি আহিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.