চিকিৎসালয়ৰ পৰা পলায়ন চেষ্টা ক’ভিড ৰোগীৰ

By

Published : Jul 14, 2021, 5:45 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ ভয়াবহ সংক্ৰমণ ৷ তথাপিও কিন্তু গাত কথা লগা নাই একাংশ লোকৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাটো বৃদ্ধি পাইছে ক’ভিডৰ ভয়াবহতা ৷ ইয়াৰ মাজতে বুধবাৰে সংঘটিত হৈছে এক অঘটন ৷ শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ পৰা আজি অৰ্থাৎ বুধবাৰে এগৰাকী ক’ভিড ৰোগীয়ে পলায়নৰ চেষ্টা কৰে । ক’ভিড ৰোগী গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ দ্বিতীয় মহলৰ ওপৰত উঠি পলায়ন কৰাৰ চেষ্টা কৰে । পৰৱৰ্তী সময়ত ৰোগীগৰাকীক চিকিৎসালয়ৰ সুৰক্ষা কৰ্মীয়ে ধৰি আনি এটা ৱাৰ্ডত ৰাখে । চিকিৎসকে জনোৱা মতে, পলায়নৰ চেষ্টা কৰা ক’ভিড ৰোগী গৰাকীৰ মানসিক অৱস্থা কিছু অস্থিৰ ৷ ইতিমধ্যে ৰোগীগৰাকীক মানসিক ৰোগৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.