New SOP in Assam: ক'ভিড নীতি অত্যন্ত নিষ্ঠাৰে পালন কৰাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ

By

Published : Jan 12, 2022, 9:29 PM IST

thumbnail

হেঁপাহৰ ভোগালী বিহু উদযাপন কৰিবলৈ অসমীয়াই কঁকালত টঙালি বন্ধাৰ সময়তে ৰাজ্যত পুনৰ বিভীষিকাৰ সৃষ্টি কৰিলে কাল কৰ’নাই (Covid Situation in Assam) ৷ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ এনে এক জটিল সময়ত ৰাজ্য চৰকাৰে জাৰি কৰিলে বহুকেইটা নীতি-নিৰ্দেশনা (New SOP in Assam) ৷ ইয়াৰ মাজতেই ৰাজ্যবাসীক সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনালে কেন্দ্ৰীয় বন্দৰ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অসম চৰকাৰৰ নীতি নিৰ্দেশনা নিষ্ঠাৰে পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তদুপৰি ক'ভিডৰ ভয়াৱহতাৰ মাজতেই নিজকে সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আয়ুষ মন্ত্ৰনালয়ে প্ৰস্তুত কৰা আয়ু ৰক্ষা কীট ব্যৱহাৰ কৰিবলৈও আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মঙ্গলবাৰে বিয়লি বিধায়ক তৰংগ গগৈৰ মাতৃৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাহৰকটীয়াত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে বিধায়কগৰাকীৰ প্ৰয়াত মাতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.