মাণিকপুৰত ৰাইজে কৰায়ত্ত কৰিলে ATM Hacker

By

Published : Nov 21, 2021, 7:52 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৰাইজৰ আদৰণীয় পদক্ষেপ । দিল্লীৰ এটিএম হেকাৰক (ATM hacker) কৰায়ত্ত কৰিলে ৰাইজে । জানিব পৰা মতে মানিকপুৰ চাৰিআলিৰ এটিএমৰ পৰা মাতৃৰ এটিএম কাৰ্ডেৰে টকা উলিয়াবলৈ গৈছিল মাণিকপুৰ অদলাগুৰী গাঁৱৰ কিশোৰ সৌৰভ ৰায়ে । সেই সময়তে দুজন হিন্দীভাষী ব্যক্তিয়ে টকা উলিয়াবৰ বাবে সহায় বিচাৰি এটিএমৰ ভিতৰত প্ৰৱেশ কৰিছিল । তেতিয়াই যুৱকজনৰ হাতৰ পৰা বলপূৰ্বকভাৱে এটিএম কাৰ্ড (ATM Card) খন কাঢ়ি লৈছিল । লোককেইজনে এটা সৰু যন্ত্ৰত গোপনে কাৰ্ডখন স্কেন কৰিছিল । এটা মৃদু শব্দ শুনাৰ পাছতে কিশোৰজনৰ সন্দেহ হ'ল আৰু এটিএমৰ দুৱাৰখন বন্ধ কৰি চিঞৰ বাখৰ লগালে । কিশোৰজনৰ চিঞৰ শুনি তাৰ সমীপতে থকা লোকসকল উপস্থিত হয় আৰু সন্দীপ কুমাৰ নামৰ লোকজনক কৰায়ত্ত কৰে । লগতে ৰাইজে অভিযুক্ত হেকাৰজনক আৰক্ষীক গতাই দিয়ে । অৱশ্যে সন্দীপ কুমৰাৰ সহযোগীজন পলায় যাবলৈ সক্ষম হয় । ইতিমধ্যে এই সংক্ৰান্তত কিশোৰজনৰ মাতৃয়ে মাণিকপুৰ থানাত এজাহাৰ (FIR) দাখিল কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.