7 টা দাবীৰে অসম চিকিৎসা সেৱা সন্থাৰ কৰ্মবিৰতি আন্দোলন

By

Published : Oct 27, 2021, 10:13 AM IST

thumbnail

কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়(Barpeta Civil Hospital)ত অসম চিকিৎসা সেৱা সন্থা(AMSA)ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ ৷ বহিঃবিভাগৰ স্বাস্থ্য সেৱা বন্ধ ৰাখি চিকিৎসালয়ৰ চৌহদত 7 দফীয়া দাবীৰে আমছাই ৰূপায়ণ কৰে কৰ্মবিৰতি আন্দোলন । 19 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই আন্দোলন পুৱা 8 বজাৰ পৰা দিনৰ 11 বজালৈ ৰূপায়ণ কৰি অহাৰ উপৰিও 26, 27 আৰু 28 অক্টোবৰত সম্পূৰ্ণৰূপে বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখি কৰ্মবিৰতি আন্দোলনৰ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ চিকিৎসকে ৷ চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুনঃনিয়োজন (Cadre Revision) কৰা, টাইম স্কেল (Time Scale)পদোন্নতিৰ ব্যৱস্থা কৰা, জ্যেষ্ঠ চিকিৎসকতকৈ কনিষ্ঠ চিকিৎসকে বেছিকৈ পাই থকা দৰমহাৰ আসোঁৱাহ দূৰ কৰি ন্যায় প্ৰদান কৰা আদি মুঠ 7 টা দাবী জনায় আমছাই ৷ লগতে শীঘ্ৰেই এই দাবীসমূহ পূৰণ নহ’লে আন্দোলন অব্যাহত থাকিব বুলি চৰকাৰ তথা সংশ্লিষ্ট বিভাগক হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.