ডকাইতিৰ সময়তেই আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইতৰ দল

By

Published : Jul 10, 2021, 1:04 PM IST

thumbnail

যোৰহাটত ডকাইত কৰি থাকোতেই আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইতৰ দল ৷ সোনাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ এটা 5 জনীয়া ডকাইটৰ দলে চন্দন নাথ নামৰ লোকজনক মাৰপিট কৰি কাঢ়ি লৈ যায় 6000 টকা ৷ পেচাত এজন গাড়ী চালক চন্দনে দৰমহা লৈ উভতি আহোতে সংঘটিত হয় এই ঘটনা ৷ মাৰপিট কৰি ধন কাঢ়ি নিয়াৰ সময়তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা চন্দন নাথক উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় 3 টা ডকাইতক ৷ সোধ-পোচৰ অন্তত যোৰহাট আৰক্ষীয়ে (Jorhat Police) কৰায়ত্ব কৰে আন দুটা ডকাইতক ৷ আটকাধীন ডকাইত কেইটা ক্ৰমে অঞ্জন শইকীয়া, জিন্টু শইকীয়া, মাধুৰ্য দৰবধৰা, প্ৰণৱ শইকীয়া আৰু গৌৰীশংকৰ চুবেদাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে এই বিষয়টোক লৈ আৰম্ভ কৰিছে তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.