Veteran actor Nipon Goswami passes away: অতীতৰ মধুৰ পৃষ্ঠা ৰোমন্থন কৰি আবেগিক জুবিন গাৰ্গ

By

Published : Oct 28, 2022, 7:49 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

‘‘মামাৰ এনেকুৱা কিবা এটা হ’ব বুলি ভবা নাছিলো ৷ এই বাতৰি দুভাগ্যজনক’’ । অসমৰ চলচিত্ৰ জগতৰ অন্যতম উজ্বল নক্ষত্ৰ নিপন গোস্বামীৰ নশ্বৰ দেহৰ কাষত থিয় হৈ সংবাদ মাধ্যমক আগত এই মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে । অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহগৰাকীৰ সৈতে অতীতৰ মধুৰ পৃষ্ঠা ৰোমন্থন কৰি আবেগিক হৈ পৰিল কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা (Pass away Veteran Actor Nipon Goswami) স্বনামধন্য অভিনেতা নিপন গোস্বামীৰ নশ্বৰদেহ জ্যোতি চিত্ৰবনত ৰখা হয় । যাতে সকলোৱে শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰে । জ্যোতি চিত্ৰবনত প্ৰিয় অভিনেতাগৰাকীৰ প্ৰতি শেষশ্ৰদ্ধা নিবেদন কৰিবলৈ সমবেত হয় অগণন গুণমুগ্ধৰ । আজি অৰ্থাৎ শুকুৰবাৰে নৱগ্ৰহ শ্মশানত প্ৰয়াত নিপন গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব (Funeral of Veteran Nipon Goswami will be held with full state dignity) ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.