Youth of Sivasagar suspected death in Kerala:কেৰালাত অসমৰ যুৱকৰ কুঁৱাত পৰি ৰহস্য়জনক মৃত্য়ু

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:01 PM IST

thumbnail

আমগুৰি, ১৯ ছেপ্টেম্বৰ: পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । কেৰালাত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত অৱস্থাত নিতু গগৈ নামৰ যুৱকজনৰ মৃত্যু হয় । শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী বৰুৱাকুৰি গাঁৱৰ যুৱক নিতু গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰিছে । কেৰালাৰ কানজাবাৰীস্থিত ৰাবাৰৰ কোম্পানীত কৰ্মৰত আছিল যুৱকজন ।  

ৰাবাৰ বাগানৰ এটা দ' কুঁৱাত ডুবি যুৱকজনৰ মৃত্যু হয় । যোৱা দেওবাৰে মৃত্যুক সাৱটি লোৱা যুৱকজনৰ মৃতদেহ কেৰালা আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালক অৱগত কৰে । উল্লেখ্য যে যোৱা ১৯ বছৰ ধৰি ৰাবাৰৰ কোম্পানীত কৰ্মৰত আছিল যুৱকজন । কি কাৰণত,কেনে অৱস্থাত যুৱকজনে কুঁৱাত পৰি মৃত্যুক সাৱটি ল'লে সেয়া ৰহস্যজনক । যুৱকজনৰ বন্ধুই পৰিয়ালক মৃত্যুৰ খবৰ দিয়াৰ বিপৰীতে কোম্পানীৰ কোনো লোকে পৰিয়ালটোক অৱগত কৰা নাই বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে ।

আনহাতে, যোৱা ৫ বছৰে কোম্পানীটোৱে যুৱকজনক দৰমহা নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে । দৰিদ্ৰ পৰিয়ালটোৰ যুৱকজনৰ মৃত্যুৰ ক্ষতিপুৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় লোকে । এইক্ষেত্ৰত ৰাবাৰৰ কোম্পানীটোৱে ক্ষতিপুৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে । কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা যুৱকজনে যোৱা ১৯ বছৰে পৰিয়ালটোক ভৰণ-পোষণ দি আহিছিল । যুৱকজনৰ মৃত্যুত পৰিয়ালটো ভাঙি পৰা লগতে ক্ষতিপুৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Meri Mitti Meri Desh: অমৃত কলহ যাত্ৰাত কোনো যাতে বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.