Accident case in Nagaland:পুনৰ বহিঃ ৰাজ্যত অসমৰ দুই যুৱকক হত্যাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:21 PM IST

thumbnail

মৰাণ, ২৫ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে অসমৰ চাৰি সীমাত থকা অৰুণাচল, নাগালেণ্ডকে ধৰি অন্য ৰাজ্য সমূহৰ মাজত সু-সম্পৰ্ক বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে । তেনে সময়তে নাগালেণ্ডত দুজনকৈ অসমীয়া যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা অনুসৰি আজি নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ হয় দুই যুৱকৰ মৃতদেহ । অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ । মৃতদেহ দুটা সোণাৰিৰ ললিত নাওহলীয়া আৰু উৎপল তাছাৰ ।

উল্লেখ্য় যে চৰাইদেউৰ সোণাৰিৰ পৰা যোৱা ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ দোকানৰ সা-সামগ্ৰী দিবলৈ গৈ ২৩ ছেপ্টেম্বৰত ঘুৰি অহাৰ পথত যোগাযোগ বিচ্ছিন্ন হয় দুয়োজনৰ লগত । এই সন্দৰ্ভত নাগালেণ্ড আৰক্ষীৰ লগতে নগা দল-সংগঠনৰ লগত যোগাযোগ কৰাৰ পাছত আজি পুৱা উদ্ধাৰ হয় মৃতদেহ দুটা । যুৱক দুজনে লৈ যোৱা গাড়ীখন দুঘৰ্টনাত পতিত হোৱা অৱস্থাত আছে যদিও মৃতদেহ দুটাত কাপোৰ নথকাত হত্যা বুলি দাবী কৰিছে সকলোৱে । দুয়োকে হত্যাৰ সন্দেহ কৰিছে চৰাইদেউ সোণাৰিৰ গাড়ীৰ মালিক চালক সন্থাই । এই ক্ষেত্ৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সোণাৰিৰ গাড়ী মালিক-চালক সন্থাই । 

লগতে পঢ়ক:Decoit arrested with pistol: ধাবাত বহি ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আটক দুই দুৰ্ধৰ্ষ ডকাইত শ্বৰিফুল-ছহিদুল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.