মহানগৰীত পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Apr 17, 2022, 7:09 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

গুৱাহাটী মহানগৰীত বিহুৰ মাজতে পুনৰ উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ (Dead body rescued in Guwahati)। মহানগৰীত ৮ দিনত ১১ টাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে । দেওবাৰে মহানগৰীৰ শ্ৰী নগৰৰ 42 নং ঘৰত উদ্ধাৰ হৈছে লখিমপুৰৰ মুজাহিদুল আহমেদ (২১) নামৰ যুৱকজনৰ মৃতদেহ । মেডিকেলৰ কচিং কৰি থকা যুৱকজনে বিগত ৮ মাহ ধৰি শ্ৰীনগৰ নিবাসী মুনিন্দ্ৰ নাথ শৰ্মাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল । এয়া হত্যা নে আত্মহত্যা এই পৰ্যন্ত স্পষ্ট হোৱা নাই । যুৱকজনে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বাসগৃহটোৰ স্বত্বাধীকাৰীয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.