Youth tragic death: খেতিপথাৰত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:48 PM IST

thumbnail

বিলাসীপাৰা, 3 নৱেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজন বিলাসীপাৰা থানাৰ অন্তৰ্গত ছুৱাপাতা ৪ৰ্থ খণ্ড গাঁৱৰ সঞ্জাৱ আলী(২৭) বুলি জানিব পৰা গৈছে। সঞ্জাৱ আলীয়ে শুকুৰবাৰে পুৱা প্ৰতিদিনৰ দৰে জলকীয়া খেতিপথাৰত বৈদ্যুতিক মটৰৰে পানী দি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ আহত হয় ৷

লগে লগে পৰিয়ালৰ লোকে যুৱকজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত্যু বুলি ঘোষণা কৰে।এই ঘটনাৰ পিচতে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনাই বিলাসীপাৰাৰ ছুৱাপাতা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷ সঞ্জাৱৰ অকাল মৃত্যুক মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Prisoner fight: কাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.