ETV Bharat / state

Prisoner fight: কাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:08 AM IST

উত্তৰ লখিমপুৰ জিলা কাৰাগাৰত অঘটন ৷ কাৰাগাৰৰ ভিতৰত একাংশ বন্দীৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। এই ঘটনাত চাৰিটা কয়দী আহত হৈছে ।

Etv BharatPrisoner fight
Etv Bharatকাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

কাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

লখিমপুৰ, ৩০ অক্টোবৰ : উত্তৰ লখিমপুৰ জিলা কাৰাগাৰত কুৰুক্ষেত্ৰৰ ৰণ ৷ ৰণাংগনলৈ পৰিৱৰ্তিত হৈছে বন্দীশাল ৷ জিলা কাৰাগাৰৰ ভিতৰত কয়দীৰ দুৰ্বাদল কাজিয়া ৷ কয়দীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো কাৰাবন্দী। এই ভয়ংকৰ ঘটনা দেওবাৰে নিশাই সংঘটিত হৈছে যদিও সোমবাৰে সন্ধিয়া এই ঘটনাটো পোহৰলৈ আহে ।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা আবুল কালাম নামৰ কয়দীটোৱে আক্ৰমণ কৰে আন একাংশ কাৰাবন্দীক । আবুল কালামৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ক্ৰমে আব্দুল মোতালিব, ৰুহুল আমিন, আজিজুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ কাৰাবন্দীকেইটা।

উল্লেখ্য যে, আবুল কালামে প্ৰায় ৩ মাহ পূৰ্বে ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল । দেওবাৰে নিশাই কয়দী আবুল কালামে শোৱাপাটীতে আক্ৰমণ কৰে আন চাৰি বন্দীক । আবুলে আজিজুৰ ৰহমানৰ মূৰত আঘাত কৰাৰ লগতে, আব্দুল মোতালিব ওৰফে চিমাইন্নাকোৰ মূৰত শিলেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে বুলি জানিব পৰা গৈছে ।

এই ঘটনাৰ পিচতে উন্নত চিকিৎসাৰ বাবে আব্দুল মোতালিব ওৰফে চিমাইন্নাক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। ইফালে এনে ঘটনা সংঘটিত হৈ যোৱাৰ পিচতো সমগ্ৰ ঘটনা কাৰাগাৰ কৰ্তৃপক্ষই আঘাতপ্ৰাপ্ত কাৰাবন্দীকেইটাৰ পৰিয়ালক অৱগত নকৰাৰ অভিযোগ কৰিছে আত্মীয়‌ই। কাৰাগাৰ কৰ্তৃপক্ষক সোধা পোচা কৰাৰ পিচতো ঘটনা সন্দৰ্ভত একোৱেই জনাব বিচৰা নাছিল বুলি পৰিয়ালৰ লোকে মন্তব্য প্ৰকাশ কৰে ।

অৱশ্য়ে এই ঘটনাটো কিয় আৰু কেনেকৈ ঘটিবলৈ পালে সেইয়া এতিয়াও পোহৰলৈ অহা নাই । কাৰাগাৰ কৰ্তৃপক্ষইও এই ঘটনা সন্দৰ্ভত নিৰৱ ভূমিকা পালন কৰিছে ৷ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত সোধা পোচা কৰিছে যদিও এতিয়াও কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই ৷

লক্ষণীয় যে, এই ঘটনা পোহৰলৈ অহাৰ বিচতে কাৰাগাৰখনৰ ভিতৰত থকা অন্য কয়দীসকলো ভয়াৰ্ত হৈছে ৷ কাৰাগাৰৰ কটকটীয়া পহৰাৰ মাজতো সুৰক্ষিত নহয় নেকি কাৰাবন্দীসকল?

লগতে পঢ়ক: Leprosy detection campaign : তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.