Suicide at Buridihing Bridge: বুঢ়ীদিহিঙত জাঁপ দি আত্মহনন যুৱকৰ

By

Published : Aug 19, 2023, 2:21 PM IST

thumbnail

ডিব্ৰুগড়,১৯ আগষ্ট: ডিব্ৰুগড়ত চাঞ্চল্য়কৰ ঘটনা । ডিব্ৰুগড়ৰ জিলাৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথত থকা খামটি ঘাটত দলঙৰ পৰা বুঢ়ীদিহিঙত জাঁপ দি আত্মহত্যা এজন যুৱকৰ । মৃত যুৱকজন নামৰূপ ঘিলাগুৰিৰ কনক গগৈ বুলি জানিবপৰা গৈছে । প্ৰেমজনিত কাৰণতে যুৱকজনে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি জানিব পৰা গৈছে ।  

যুৱকজনৰ বাহনৰ পৰা উদ্ধাৰ হৈছে এখন আত্মহত্যা টোকা । আত্মহননৰ পূৰ্বে লিখা পত্ৰত উল্লেখ আছে এগৰাকী যুৱতীৰ নাম । এই যুৱতী গৰাকীৰ বাবে আত্মহনন কৰা বুলিও উল্লেখ কৰি গৈছে কনক গগৈয়ে । ঘটনাৰ পাছতেই আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান । SDRFয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ডিব্ৰুগড়তে । 

লগতে পঢ়ক: Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.