ETV Bharat / state

Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ

author img

By

Published : Aug 19, 2023, 1:45 PM IST

Rajen Gohain upset
মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইক গুৰুত্ব নিদিয়াৰ অভিযোগ

মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইক গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীগৰাকীয়ে লগ নকৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইক ৷ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে নিজে সদৰী কৰিছে এই কথা ৷

মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইক গুৰুত্ব নিদিয়াৰ অভিযোগ

নগাঁও, 19 আগষ্ট : ‘‘দিল্লীত মুখ্যমন্ত্ৰীক লগ পাবলৈ গৈছিলো । কিন্তু 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মোক লগ নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু তুলিৰাম ৰংহাং, অজন্তা নেওগ, পবিত্ৰ মাৰ্ঘেৰিটা আৰু বহুতকে লগ কৰিলে মুখ্যমন্ত্ৰীয়ে । মই অপমানিত হৈ ঘূৰি আহিলো । পিচত মোৰ ল’ৰাক ফোন কৰি আকৌ মাতিলে’’ । শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে ৷

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে কয়, ‘‘সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত কলিয়াবৰ আৰু নগাঁও দুয়োটা সমষ্টি হেৰুৱাব বিজেপিয়ে । দলীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক অধিক গুৰুত্ব দিলে দল বিপৰ্যয়ৰ সন্মুখীন হ’ব । মুখ্যমন্ত্ৰীয়ে সাধাৰণ কৰ্মীক গুৰুত্ব দিবলৈ লওঁক । সকলোৰে লগত মিলিজুলি সিদ্ধান্ত লওঁক । এককভাৱে সিদ্ধান্ত লোৱাৰ ফলতেই এই অৱস্থা’’ ।

লগতে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে কয়, ‘‘অসমত দলীয় অসন্তুষ্টি যথেষ্ট বৃদ্ধি পাইছে । লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব । নগাঁও সমষ্টি পুনৰ নিৰ্ধাৰণৰ কু-ফল অনাগত সময়ত হিন্দু মানুহে ভোগ কৰিব ৷ ১০ বছৰ পিচত কেন্দ্ৰত চৰকাৰ সলনি হ’লেই এই কথা বুজিব ৰাইজে অসমৰ সৰ্বত্ৰে অসন্তুষ্টি চলিছে’’ ।

তেওঁ আৰু কয়, ‘‘উজনিত বিজেপিৰ দলীয় কৰ্মী অসন্তুষ্ট হৈছে । বৰাক উপত্যকাটো দলীয় কৰ্মী যথেষ্ট অসন্তুষ্ট হৈছে বুলি জানিব পৰা গৈছে । মোক বৰাকৰ পৰা বহুতে ফোন কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে’’ ।

আনহাতে, শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰি ৰাজেন গোঁহায়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে দিশপুৰত পদত্যাগ কৰে ৷ অৱশ্যে দল ত্যাগ কৰা নাই ৰাজেন গোহাঁয়ে ৷ এই কথাও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে ৰাজেন গোঁহায়ে ৷

লগতে পঢ়ক : Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.