ETV Bharat / state

Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

author img

By

Published : Aug 18, 2023, 5:08 PM IST

Rajen Gohain resigns
Rajen Gohain resigns

অসম বিজেপিত আৰম্ভ হ’ল মুকলি বিদ্ৰোহ ৷ বৃহস্পতিবাৰে ঘোষণা কৰাৰ দৰেই অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে ৷ পত্ৰযোগে জনালে পদত্যাগৰ কাৰণ ৷ কেবিনেট বাব এৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজেন গোঁহাইৰ বিস্ফোৰণ ৷

অসম বিজেপিত আৰম্ভ হ’ল মুকলি বিদ্ৰোহ

গুৱাহাটী, ১৮ আগষ্ট: ৰাজ্যিক বিজেপিত একপ্ৰকাৰ এলাগী হৈ পৰা পুৰণি শক্তি জাগিছে ৷ দলটোৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পিছত এইবাৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই জাগিছে ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰি দিশপুৰত ৰাজেন গোঁহাইয়ে আনুষ্ঠানিকভাৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিলে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদৰ পৰা ৷

Rajen Gohain resigns
ৰাজেন গোহাঁৰ পদত্যাগ পত্ৰ

একালৰ কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোহাঁইয়ে দাখিল কৰিলে কেবিনেট মৰ্যাদাৰ পদত্যাগ পত্ৰ ৷ দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সচিবালয়ত পদত্য‌াগ পত্ৰ দাখিল কৰি কেবিনেট মৰ্যদা সম্পন্ন অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদ এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে দল ত্যাগ কৰা নাই ৰাজেন গোহাঁইয়ে ৷

পদত্যাগ পত্ৰ দাখিল কৰি বিজেপিৰ জ্যেষ্ঠ নেতাজনে সংবাদ মাধ্যমৰ আগত জনায় যে এই কেবিনেট মৰ্যাদা ত্যাগৰ মূল কাৰণ হ’ল সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নগাঁও লোকসভা সমষ্টি গঠনৰ ধৰণ ৷ নগাঁও সমষ্টিটো মুছলিম সম্প্ৰদায়ক গতাই দিয়া বুলি অভিযোগ ৰাজেন গোঁহাইৰ ৷ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হোৱা বুলি মন্তব্য নগাঁৱৰ কেইবাবাৰৰ প্ৰাক্তন সাংসদজনৰ ৷

তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰতো প্ৰশ্ন তুলি ৰাজেন গোঁহাইয়ে ক’লে, ‘‘মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত মোৰ সন্দেহ আছে ৷...কেৱল মিঞাৰ ভোট নালাগে বুলি ক’লেই কট্টৰ হিন্দুত্ববাদী নুবুজায় । সমষ্টি আনৰ হাতত গতাই দিয়া হ’ল । আজমল চাহাবৰ হাতত কিয় সমষ্টিটো কিয় গতাই দিয়া হ’ল মই বুজি নাপালো ।”

লগতে মুখ্যমন্ত্ৰীয়ে নগাঁও লোকসভা সমষ্টিটো বলি দিলে বুলি মন্তব্য কৰি ৰাজেন গোঁহায়ে ক’লে, “মই দুটা দশকৰো অধিক সময় ধৰি আমাৰ দল আৰু ইয়াৰ মতাদৰ্শৰ ভাল পোষকতা কৰি সদায় পূৰ্ণ ক্ষমতাৰে সমৰ্থন আৰু লালন-পালন কৰি আহিছো ৷ কিন্তু শেহতীয়া সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াই ১০ নং নগাঁও লোকসভা সমষ্টিটোক ভৱিষ্যতে বিজেপি প্ৰাৰ্থীৰ বাবে জয় অসম্ভৱ কৰি তুলিছে । লগতে জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবে নগাঁৱৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আহিছে। আপোনালোকৰ সৈতে অসংখ্য পৰ্যায়ত আলোচনা হোৱাৰ পিছতো মই ভয় খাইছো যে মোৰ চিন্তা আৰু মোৰ গভীৰ উদ্বেগ সঁচা প্ৰমাণিত হ’ল ।’’

পত্ৰত তেওঁ আৰু লিখিছে, ‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াকো মোৰ উদ্বেগ আৰু আমাৰ মত জনাইছিলো । তেখেতে মোক বিষয়টোৰ ওপৰত মোৰ পৰামৰ্শ লিখিতভাৱে দিবলৈ ক'লে, যিটো মই পিছদিনাই কৰিলোঁ ৷”

লগতে ৰাজেন গোঁহাইৰ মন্তব্য যে, “দুৰ্ভাগ্যজনকভাৱে ইয়াৰ কোনো ইতিবাচক ফলাফল নহ’ল। মোৰ দৰে জ্যেষ্ঠ সদস্য এজনক অৱজ্ঞা কৰি দলৰ নিজৰ সুবিধাৰ বাবে দলৰ নেতাসকলে শুনা নাছিল বাবে মই বিশ্বাসঘাতকতা কৰা আৰু অসন্মান অনুভৱ কৰিছো। নগাঁওক প্ৰতিনিধিত্ব কৰি মই ২৫ বছৰতকৈও অধিক সময় ধৰি দলৰ এজন অতি বাধ্য সৈনিক আৰু লোকসভা সমষ্টিৰ সাংসদ হিচাপে একেৰাহে ৪টা কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰি আহিছো ৷ মই ভাবো এই বিষয়ত মোৰ অভিজ্ঞতা গণনা কৰা উচিত আছিল আৰু মোক আস্থাত লোৱা উচিত আছিল ৷”

ৰাজেন গোঁহাইৰ কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰা কাৰ্য আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ ক্ষোভ প্ৰকাশ কৰা কাৰ্যই স্বাভাৱিকতে বিজেপিত জ্বলা বিদ্ৰোহৰ জুইত যে ঘিউ ঢালিলে সেয়া নিশ্চিত। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁৱৰ পৰা লোকসভাৰ প্ৰাৰ্থিত্ব আশা কৰি থকা ৰাজেন গোঁহাইৰ ৰাজনীতি পৰৱৰ্তী সময়ত কিমান সফল হয় সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Bhabesh Kalita: তিনিচুকীয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা; কংগ্ৰেছক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.