Women suspicious murder: মহানগৰীত নিজ বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Nov 12, 2022, 7:55 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

গুৱাহাটীৰ নটবমাত সংঘটিত হৈছে এক সন্দেহজনক হত্যাকাণ্ডৰ ঘটনা (Women suspicious murder in Guwahati) ৷ হাতীগাঁৱৰ নটবমাত নিজ বাসগৃহত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (body rescued in Guwahati) ৷ বোৱাৰীগৰাকীক স্বামী আৰু পৰিয়ালে হত্যাৰ সন্দেহ কৰা হৈছে (body rescued of women) ৷ হুছেইন আলী আহমেদ আৰু চুমি বেগম দম্পতীটোৱে নটবমাত বাস কৰিছিল ৷ শুকুৰবাৰে ৰহস্যজনকভাৱে মাছ ব্যৱসায়ী হুছেইন আলী আহমেদৰ পত্নী চুমি বেগম(২৪)ৰ মৃতদেহ ঘৰৰ কোঠাত উদ্ধাৰ হয় ৷ ইয়াৰ পিছতে চুমি বেগমৰ পৰিয়ালৰ লোকে স্বামী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত স্বামী হুছেইন আলী আহমেদক আটক কৰিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.