Mysterious death in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

By

Published : Nov 18, 2022, 5:03 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যত পুনৰ ৰহস্যজনকভাৱে বোৱাৰী মৃত্যুৰ ঘটনা ৷ কলগাছিয়াৰ ৰুভি গাঁৱত এগৰাকী মহিলাই চিপ আত্মহত্যা কৰা এক ঘটনা পোহৰলৈ আহিছে (Mysterious death in Barpeta)৷ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত সোনাপুৰ ৰুভি গাঁৱৰ মহিবুল ইছলামৰ পত্নী আয়মনা খাতুনে শুকুৰবাৰে পুৱা চিপ লৈ আত্মহত্যা কৰা এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Women mysterious suicide case at Kalgachia) ৷ ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত কলগাছিয়া আৰক্ষীৰ এটা দলে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহম্মেদ চিকিৎসা মহাবদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ ইফালে স্থানীয় ৰাইজে ইয়াক আত্মহত্যাৰ ঘটনা বুলি মানি লব পৰা নাই ৷ বৰঞ্চ ই এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে দাবী উত্থাপন কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়া তদন্তৰ পিছতহে বোৱাৰীগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.