77th Independence day: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণ চলি থাকোতেই ঢলি পৰিল মহিলা আৰক্ষী জোৱান

By

Published : Aug 15, 2023, 10:48 AM IST

Updated : Aug 15, 2023, 11:26 AM IST

thumbnail

নগাঁও, 15 আগষ্ট: নগাঁৱত অথন্তৰ ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হঠাৎ অসুস্থ হৈ ঢলি পৰে এগৰাকী মহিলা আৰক্ষী জোৱান । মন্ত্ৰী পীষুয হাজৰীকাই ভাষণ দি থকা সময়তে ঢলি পৰে কৰ্তব্যৰত মহিলা আৰক্ষী জোৱানগৰাকী । উৎকট গৰমৰ বাবে ঢলি পৰিল মহিলা আৰক্ষীৰ জোৱানগৰাকী । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হৈছিল স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচী ৷ 

সেই কাৰ্যসূচীতে অসুস্থ হৈ পৰিল মহিলা আৰক্ষীৰ জোৱান গৰাকী । হঠাৎ অসুস্থ হৈ পৰা মহিলা আৰক্ষী জোৱানগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । অসুস্থ হৈ পৰা কনিষ্টবল গৰাকীৰ নাম কৃষ্ণা দাস বুলি জানিব পৰা গৈছে । আজি সমগ্ৰ দেশতে পালন কৰা হৈছে 77 সংখ্যক স্বাধীনতা দিৱস ৷ 

লগতে পঢ়ক:Azadi Ka Amrit Mahotsav 2023 : নগাঁৱত CRPF ৰ ত্ৰিৰংগা যাত্ৰা, গছপুলি ৰোপন কাৰ্যসূচী

Last Updated : Aug 15, 2023, 11:26 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.