Azadi Ka Amrit Mahotsav 2023 : নগাঁৱত CRPF ৰ ত্ৰিৰংগা যাত্ৰা, গছপুলি ৰোপন কাৰ্যসূচী

By

Published : Aug 14, 2023, 6:07 PM IST

thumbnail

নগাঁও, 14 আগষ্ট : আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে এইবাৰ দেশজুৰি উলহ মালহেৰে উদযাপিত হ'ব 77 সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতাৰ 75 বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশজুৰি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। 

আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে নগাঁৱত চি আৰ পি এফেও গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। সোমবাৰে চি আৰ পি এফৰ 34 নং বেটেলিয়েনে নগাঁৱৰ হেৰাপতিত গাঁওবাসীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লগত লৈ ত্ৰিৰংগা ৰেলী উলিওৱাৰ লগতে হেৰাপতি হাইস্কুলত এশ জোপা গছপুলি ৰোপন কৰে। 

এই উপলক্ষে চিআৰপিএফ বিষয়া সঞ্জীৱ কুমাৰে গাঁও পঞ্চায়তৰ সকলো সদস্য আৰু শিক্ষাৰ্থীক মোৰ দেশ মোৰ মাটিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে দেশৰ বাবে প্ৰাণ দিয়া শ্বহীদসকলক সন্মান জনোৱাৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰে। ইয়াৰোপৰি হেৰাপট্টি হাইস্কুলত বীৰ শ্বহীদৰ নামত শিলাফলক উন্মোচন কৰে চি আৰ পি এফৰ 34 নং বেটেলিয়েনে।

লগতে পঢ়ক:Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.