ETV Bharat / state

Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

author img

By

Published : Aug 14, 2023, 4:00 PM IST

Updated : Aug 14, 2023, 11:14 PM IST

কাইলৈ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ গুৱাহাটী খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে ৷ এই ভাষণতেই মুখ্যমন্ত্ৰীয়ে সদৰী কৰিব বহু চৰ্চিত পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰৰ পৰৱৰ্তী কাম-কাজ ৷

Assam Final Delimitation Report
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৪ আগষ্ট: পুনৰ নিৰ্ধাৰণ কৰা ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিবোৰত ৰাজ্য চৰকাৰে কেনেদৰে কাম কৰিব সেয়া ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত সদৰী কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ লগতে ৰাষ্ট্ৰপতিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত স্বাক্ষৰ কৰি প্ৰকাশ কৰাৰ পাচতহে এই তালিকা আনুষ্ঠানিক হ’ব বুলি কয় ।

সোমবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত অংশ‌গ্ৰহণ কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় - আমাৰ কাম কেনেদৰে হ’ব, প্ৰশাসনীয় কাম-কাজ কেনেদৰে কৰিব পাৰিম সেইখিনি স্বাধীনতা দিৱসৰ ভাষণত শুনিব । আকৌ কেনেদৰে হ’ব সমষ্টিত পঞ্চায়ত ব্যৱস্থা, ব্ল’কসমূহ কেনেধৰণৰ হ’ব সেইখিনি কৰোতে দুমাহ সময় লাগিব । উল্লেখ্য যে, সুদীৰ্ঘ ৪৭ বছৰ পাছত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমাৰ পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন হৈছে । যোৱা ১১ আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুন নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ অধিসূচনা জাৰী কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল ।

খচৰা তালিকাত থকাৰ দৰেই ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে আৰু ১৯টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । ইপিনে, ১৯টা বিধানসভা সমষ্টিৰ খচৰা তালিকাৰ নামৰ সংশোধন কৰি নতুন নামকৰণ কৰা হৈছে । আনহাতে, লোকসভা সমষ্টিৰ সংৰক্ষণ আৰু অন্তৰ্গত বিধানসভা সমষ্টি খচৰা তালিকা অনুসৰিয়েই ৰখা হৈছে । উল্লেখ্য যে, অহা মার্চ-এপ্রিল মাহত লোকসভাৰ পৰৱৰ্তী নির্বাচন অনুষ্ঠিত হ’ব । আইনী কোনো বাধা আহি নপৰিলে চূড়ান্ত কৰা সমষ্টিৰ নতুন সীমা অনুসৰিয়ে এই নির্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: Constituency delimitation final list:সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ১৪টা লোকসভাৰ সমষ্টিৰ নতুনত্ব

Last Updated :Aug 14, 2023, 11:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.