বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:30 PM IST

thumbnail

বৰপেটাৰোড ,১৯ ডিচেম্বৰ : বৰপেটাৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙাত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত পুতুলী দাস নামৰ এগৰাকী মহিলা থিতাতে নিহত হয় । সৰভোগৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমেশ দাসে তেওঁৰ পত্নী পুতুলী দাসকলৈ নিজৰ স্কুটীৰে চিকিৎসাজনিত কাৰণত বৰপেটাৰোডৰ চিকিৎসালয়লৈ আহিছিল ৷ বৰপেটাৰোডত চিকিৎসাৰ অন্তত দম্পতীহালে সৰভোগৰ নিজ গৃহাভিমুখে উভতি যোৱাৰ সময়ত পিছপিনৰ পৰা AS18 AC 4376 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে নম্বৰপ্লেট বিহীন স্কুটীখনক মহতিয়াই নিয়ে ৷  

এই ঘটনাত অৱসৰপ্ৰাপ্ত নাৰ্ছ পুতুলী দাস থিতাতে নিহত হোৱাৰ লগতে মহিলাগৰাকীৰ স্বামী গুৰুতৰভাৱে আহত হয় ৷ পিচত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উমেশ দাসৰ চিকিৎসাৰ ব্য়ৱস্থা কৰে আৰক্ষীয়ে  ৷  

লগতে পঢ়ক:বহিৰাগত কোনোবা এজন লালুকী-ভালুকীক আনি তৈলমৰ্দন কৰিলে নহ’ব: বীৰ লাচিত সেনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.