Wild elephant kills Elderly man: বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন বৃদ্ধ

By

Published : Jan 4, 2023, 10:10 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যত দিনক দিনে বৃদ্ধি পায় আহিছে হাতী মানুহৰ সংঘাত (Men elephant conflict in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো অৱ্যাহত আছে হাতী-মানৱৰ সংঘাত ৷ বন্যহস্তীৰ আক্ৰমণত কলিয়াবৰৰ বড়িগাঁৱত নিজৰ চোতালতে নিহত হ’ল এজন বৃদ্ধ লোক (Wild elephant kills Elderly man) ৷ নিহত বৃদ্ধ লোকজন মোহন তামুলী বুলি জানিবলৈ পৰা গৈছে ৷ বন্যহস্তীৰ আক্ৰমণত মৃত্যুক আকোৱালি লোৱা মোহন তামুলী(85)ৰ বাসগৃহত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, নিশা হ'লেই কলিয়াবৰৰ বিভিন্ন স্থানলৈ খাদ‍্যৰ সন্ধানত ওলাই অহা হাতীয়ে বৃহত্তৰ অঞ্চলটোত তাণ্ডৱ চলাই ঘৰ-দুৱাৰ, ভঁৰাল ঘৰ আদি ভাঙি অনিষ্ট কৰাতো এক নিত্য নৈমত্তিক ঘটনাত পৰিণত হৈছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.