Elephant death: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে বন্যহস্তীয়ে

By

Published : Aug 10, 2023, 6:08 PM IST

thumbnail

নিউজ ডেস্ক, 10 আগষ্ট: ৰাজ্যজুৰি সঘনাই বন্যহস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতেই সোণাপুৰত বৃহস্পতিবাৰে পুৱতি নিশা এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ প্ৰথম অৱস্থাত ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এটা বন্যহস্তী, যদিও বনবিভাগৰ হেমাহিৰ বাবে প্ৰাণ হেৰুৱাই হাতীটোৱে । সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ কুৰকুৰীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

ট্ৰেইনৰ খুন্দাত এটা দখাৱৈত বাগৰি পৰি চটফটাই থকা পৰিলক্ষিত হয় হাতীটো। এই দৃশ্য প্ৰত্য়ক্ষ কৰি স্থানীয় লোকে ততাতৈয়াকৈ পুৱা 5.30 বজাতে বন বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছিল ৷

ইফালে বন বিভাগৰ খবৰৰ ভিত্তিত হাতীটোক উদ্ধাৰ কৰিবলৈ গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসকৰ এটা দলৰ সৈতে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছিল ৷ যদিও দুৰ্ভাগ্যৱশতঃ দল দুটা আহি পোৱাৰ পূৰ্বে হাতীটোৱে মৃত্যুবৰণ কৰে ৷  

লগতে পঢ়ক: Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.