Wild elephant death : মৰ্মান্তিক! গোৱালপাৰাত পুনৰ গজৰাজৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:09 PM IST

thumbnail

গোৱালপাৰা, ১১ নৱেম্বৰ : গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অধীনস্থ শিমলাপাৰা-দমুনিপাৰাত শুকুৰবাৰে নিশা এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয় । কিন্তু কি কাৰণত হাতীটোৰ মৃত্যু হ’ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই কোনো তথ্য ৷ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে সকলো তথ্য পোহৰলৈ আহিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বন বিভাগৰ লোকে ৷

জানিব পৰা মতে, বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাদ্যৰ সন্ধানত দীৰ্ঘদিন ধৰি দহিকটা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে ঘূৰি ফুৰিছিল ৷ আনকি শিমলাপাৰা-দমুনিপাৰাৰ পথাৰ ধাননি খায়ো তহিলং কৰিছে এই হাতীৰ বৃহৎ জাকটোৱে । শুকুৰবাৰে নিশা এই বৃহৎ হাতীৰ জাকটোৰ পৰা এটা বনৰীয়া হাতীয়ে অকলশৰীয়া হৈ দমুনিপাৰাত ধাননি পথাৰত ধান খাবলৈ আহি কৰুণ মৃত্যুক সাৱটি লয় ।

ইফালে স্থানীয় ৰাইজে নিশাই মৃত হাতীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক ৷ কিন্তু বন বিভাগৰ লোক শনিবাৰে পুৱাৱে ঘটনাস্থলীত উপস্থিত হয় । তথ্য অনুসৰি, এই বৰ্ষৰ চলিত মাহলৈকে ৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে হাতীৰ আক্ৰমণত নিহত হৈছে ১১ জনকৈ লোক ।

লগতে পঢ়ক : Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.