Man Elephant conflict: বন্যহস্তীয়ে ভাঙিলে 6 টাকৈ বাসগৃহ

By

Published : Oct 13, 2022, 12:28 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ (Man Elephant conflict) ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে প্ৰত্যেক দিনাই ভাঙিছে দৰিদ্ৰ ৰাইজৰ বাসগৃহ ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজে কেনেকৈ পৰিত্ৰাণ পাব তাকে লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ (Wild elephant menace at Rongapara)৷ বুধবাৰে নিশা বনৰীয়া হাতীয়ে নাহৰণি গ্ৰাণ্টৰ নিৱাসী ধীৰেন চাৱাচী, সন্তোষ চাম্পিয়া, লাডৰুছ চাম্পিয়া, পিচৰুছ আইন্দ, ইলিয়াছ কেৰকেটা আৰু তমাছ মুণ্ডা নামৰ লোককেইগৰাকীৰ বাসগৃহ চকুৰ পচাৰতে ভাঙি পেলায় ৷ অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ বন বিভাগক ৰাইজে দাবী জনাইছে আতংকিত ৰাইজে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.