ৰঙিয়াত জলাশয়ৰ পৰা বন্দুক উদ্ধাৰ

By

Published : Jun 27, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰঙিয়াৰ উদিয়ানাৰ জলাশয়ত উদ্ধাৰ হৈছে বন্দুক (Gun rescued in Rangia)। মাছ মাৰিবলৈ যোৱা স্থানীয় যুৱক এজনৰ জালত বন্দুকটো লাগি ধৰে । ৰেকিব আলীৰ নামৰ মাছুৱৈজনৰ জালত গধূৰ বস্তু লাগি ধৰাত কিছু আচৰিত হয় । জালখন পাৰলৈ অনাৰ পাছত মাছৰ পৰিবৰ্তে এটি পুৰণি বন্দুক প্ৰত্যক্ষ কৰি যুৱকজন হতভম্ব হৈ পৰে । খবৰটো বিয়পি পৰাৰ পাছত কিছু পৰিমাণে ভগ্নাৱস্থাত থকা মামৰে ধৰা বন্দুকটো চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰে । লগে লগে ৰঙিয়া থানাত(Rangia police station) খবৰ দিয়ে স্থানীয় ৰাইজে । পাছত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী বিষয়াই বন্দুকটো হস্তনিৰ্মিত বুলি জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.