Pijush Hazarika: মাজুলীত চলি থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাম হস্তান্তৰ কৰা হ’ব জল সম্পদ বিভাগলৈ; পীযুষ হাজৰীকা

By

Published : Jul 8, 2023, 8:22 PM IST

thumbnail

মাজুলী, ৮ জুলাই: মাজুলীত জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷ মাজুলীত উপস্থিত হৈ নৱ নিৰ্মিত হালধিবাৰী তাকাৰ চুক সংযোগী মথাউৰী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মথাউৰী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বৰ্ষকেইটাত মাজুলীক লৈ যি কৰিব লাগে কৰা হৈছে আৰু আহি থকা দিনটো মাজুলিক লৈ যি কৰিব লাগে সেয়া কৰা হ’ব । তেওঁ লগতে কয় সত্ৰ নগৰী মাজুলী সকলোৰে বাবে গৌৰৱৰ স্থান, গতিকে মাজুলীক বিপদত পৰিব নিদিওঁ ।

উল্লেখ্য যে মাজুলীত জলসম্পদ বিভাগে তাকাৰ চুকৰ পৰা হালধিবাৰীলৈ ৮ কিলোমিটাৰ মথাউৰী ২৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে ৷ এই মথাউৰীটোৱে ৰাইজক বহু পৰিমাণে সকাহ দিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই ৷ ইফালে মাজুলীত চলি থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাম জল সম্পদ বিভাগে নিজৰ হাতলৈ নিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক: Ex ulfa cadre Seeking help : সমস্যাৰে জৰ্জৰিত প্ৰাক্তন আলফা কেডাৰ; বিচাৰিছে অসমবাসীৰ সহায়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.