ETV Bharat / state

Ex ulfa cadre Seeking help : সমস্যাৰে জৰ্জৰিত প্ৰাক্তন আলফা কেডাৰ; বিচাৰিছে অসমবাসীৰ সহায়

author img

By

Published : Jul 8, 2023, 11:32 AM IST

পত্নীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক অনাটনত মাজুলীৰ প্ৰাক্তন আলফা কেডাৰ অষ্টম দেউৰী ৷ চৰকাৰৰ লগতে অসমবাসী ৰাইজক সহায় আগবঢ়োৱাৰ বাবে আহ্বান প্ৰাক্তন আলফা কেডাৰগৰাকীৰ ৷

Ex ulfa cadre Seeking help in Majuli
সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে মাজুলীৰ প্ৰাক্তন আলফা কেডাৰ

প্ৰাক্তন আলফা সদস্য অষ্টম দেউৰীৰ পত্নী আক্ৰান্ত দুৰাৰোগ্য ৰোগত

মাজুলী, 8 জুলাই : স্বাধীন অসমৰ সপোন বুকুত বান্ধি আজিৰ পৰা বহু বছৰৰ আগতে বিদ্ৰোহী সংগঠন আলফাত যোগদান কৰিছিল মাজুলী চিৰাম দেউৰী গাঁৱৰ অষ্টম দেউৰী নামৰ শিক্ষিত যুৱকজনে । স্বাধীন অসমৰ স্বপ্ন বুকুত লৈ দিহিঙে দিপাঙে ঘূৰি ফুৰি অৱশেষত আলফা ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছিল মাজুলীৰ অষ্টম দেউৰী । মূলসুঁতিলৈ ঘূৰি আহি সংগ্ৰামী জীৱনৰ সতীৰ্থ হিচাপে জীৱনলৈ আকোঁৱালি লৈছিল লক্ষীমপুৰৰ এগৰাকী যুৱতীক । তিনিটাকৈ সন্তান সহিতে এখন সুখৰ সংসাৰ চলি আছিল প্ৰাক্তন আলফা কেডাৰ অষ্টমৰ ।

কিন্তু বিধিৰ কি বিৰ্পাক কোনো জানে ! হঠাতে সুখৰ সংসাৰখনলৈ নামি আহিল কাল অমানিশা । আজিৰ পৰা প্ৰায় 7 মাহ পূৰ্বে অষ্টমৰ পত্নী আক্ৰান্ত হয় এক দুৰাৰোগ্য ৰোগত। প্ৰথমে লক্ষীমপুৰ জিলা চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । ডিব্ৰুগড়ত চিকিৎসা কৰোৱাৰ পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবলৈ কয় যদিও সেয়া সম্ভৱপৰ হৈ উঠা নাই অষ্টমৰ পক্ষে ৷

আৰ্থিকভাৱে টনকিয়াল অষ্টমৰ সমস্ত সঞ্চিত ধন খৰচ হৈ যায় লক্ষীমপুৰ আৰু ডিব্ৰুগড়তেই । আনকি হালৰ বলধ হাল বিক্ৰী কৰাৰ উপৰিও খেতিপথাৰ পৰ্যন্ত বন্ধকত দিয়া বুলি জানিবলৈ পোৱা গৈছে । বৰ্তমান কেৱল মাত্ৰ বাচি আছে ভেঁটিৰ মাটিখিনিহে বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে । কেইবাদিনো ধৰি বিচনাতে চটফটাই পৰি আছে প্ৰাক্তন আলফা কেডাৰৰ ৰুগীয়া পত্নীগৰাকীয়ে ৷ প্ৰয়োজন সত্বেও উন্নত চিকিৎসা প্ৰদান কৰিব নোৱাৰি হতাশাত ভুগিছে প্ৰাক্তন আলফা কেডাৰ অষ্টম দেউৰী ।

উপায়ন্তৰ হৈ অষ্টমে বিচাৰিছে চৰকাৰৰ লগতে ৰাজ্যবাসীৰ আৰ্থিক সহায় । কোনো ব্যক্তিয়ে প্ৰাক্তন আলফা কেডাৰ অষ্টম দেউৰীৰ পত্নীগৰাকীক চিকিৎসাৰ বাবে অনুদান আগবঢ়াব বিচাৰিলে SBI Account Number: 37987283221 IFSC code: SBIN0005081: মলিন দেউৰীৰ নামত দিব পাৰিব বুলি জানিবলৈ দিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

লগতে পঢ়ক : WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.