ETV Bharat / bharat

WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৭ জনৰ মৃত্যু

author img

By

Published : Jul 8, 2023, 10:21 AM IST

Updated : Jul 8, 2023, 12:49 PM IST

পশ্চিমবংগত অব্যাহত আছে নিৰ্বাচনী হিংসা ৷ বৰ্তমানলৈ ৭ জন লোকৰ মৃত্যু হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ ৫.৫ লাখ ভোটাৰে শনিবাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷

WB Panchayat Elections 2023
পশ্চিমবংগত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক, ৮ জুলাই : আজি পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰাজ্যখনত দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনী হিংসা ৷ শনিবাৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিচতে ৰাজ্যখনৰ একাংশ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিবলৈ পোৱা গৈছে । হিংসাত্মক ঘটনাৰ ফলত বৰ্তমানলৈ ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছে । কোচবিহাৰত কংগ্ৰেছ-চিপিআইএম মিত্ৰজোঁটৰ এগৰাকী কৰ্মীক টিএমচিৰ সমৰ্থকে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । বৰ্তমান আঘাতপ্ৰাপ্ত লোকজনৰ চিকিৎসা চলি আছে বুলি জানিবলৈ পৰা গৈছে । ইয়াৰোপৰি, মুৰ্ছিদাবাদৰ ছামশ্বেৰগঞ্জ অঞ্চলত টিএমচি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।

পশ্চিমবংগৰ কোচবিহাৰত কংগ্ৰেছ-চিপিআইএম মিত্ৰজোঁটৰ কৰ্মীগৰাকী বৰ্তমান দিনহাটা মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ঘটনাৰ পিছতে সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়ায় প্ৰত্যক্ষভাৱে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তোলে । তৃণমূল কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত এই আক্ৰমণ চলোৱা বুলি অভিযোগ তুলি ভুক্তভোগীগৰাকীয়ে কয়, ‘মই খাদ্যগ্ৰহণৰ পিচত বাহিৰলৈ ওলাই আহিছিলো, একে সময়তে তৃণমূল কংগ্ৰেছৰ নেতাই মোক গুলীয়াই হত্যা কৰিছিল । মই কংগ্ৰেছ-চিপিআইএমৰ কৰ্মী । ইয়াত কংগ্ৰেছ-চিপিআইএমৰ ভেঁটি মজবুত কৰাৰ বাবে তথা ভোটাৰক ভয় খুওৱাৰ উদ্দেশ্যে তৃণমূল কংগ্ৰেছে এনেবোৰ কাণ্ড সংঘটিত কৰিছে । ইয়াৰ সমান্তৰালকৈ মুৰ্ছিদাবাদৰ শ্বামশ্বেৰগঞ্জ অঞ্চলত টিএমচি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছে । ঘটনাস্থলীত সষ্টম হৈ আছে আৰক্ষীৰ লোক ।

ৰাজ্যত নিৰ্বাচনী হিংসা সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে নিৰ্বাচনী বিষয়ালৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে । ৰাজ্যখনত প্ৰায় ৫.৫ লাখ ভোটাৰে আজি ভোটদান কৰিব । ৰাজ্যখনৰ জিলা পৰিষদ, পঞ্চায়ত সমিতি আৰু গ্ৰাম পঞ্চায়তৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন । নিৰ্বাচনী বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । যিকোনো অপ্ৰীতিকৰ ঘটনাৰ মোকাবিলা কৰিবলৈ প্ৰায় ৬৫ ​​হাজাৰ কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । ইয়াৰ বাহিৰেও আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে ৰাজ্যৰ প্ৰায় ৭০ হাজাৰ আৰক্ষী-প্ৰশাসনৰ লোক ।

উল্লেখ্য যে, পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া । নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক : Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

Last Updated :Jul 8, 2023, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.