Villagers deprived from govt schemes : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধেমাজিৰ এখন গাঁও

By

Published : Apr 4, 2023, 9:57 AM IST

thumbnail

জোনাই, 3 এপ্ৰিল : স্বাধীনতাৰ 75 বছৰৰ পাচতো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে ধেমাজি জিলাৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ বৃহত্তৰ 1 নং সোনাৰীঘাট গাঁওখন ৷ অঞ্চলটোত বাটপথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যকেন্দ্ৰ, বিদ্যুৎ সেৱাৰ লগতে শিক্ষা আদি প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কোনো ব্যৱস্থা নাই বুলিলেও ভুল কোৱা নহ’ব  (Villagers of Majuli deprived from govt schemes) ৷ যাৰ ফলত উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই সোনাৰীঘাটবাসীয়ে ৷ 

উল্লেখ্য যে, প্ৰতিবছৰে বাৰিষা অহাৰ লগে লগে ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ নদীয়ে সমস্যাত পেলায় অঞ্চলবাসীক ৷ এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ বিচাৰি বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ, ৰাস্তা-পদূলি আৰু বিদ্যুতৰ সমস্যাৰ সমাধান বিচাৰি জিলা প্ৰশাসন, জনপ্ৰতিনিধি আৰু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক গাঁওবাসীয়ে বহু আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত সমাধান নহ’ল এইসমূহ সমস্যা ৷ (Poor condition of village of Majuli)৷

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই চৰকাৰ আহে, চৰকাৰ যায় ৷ যদিও সোনাৰীঘাটৰ দৰে বহু গাঁৱৰ সমস্যা বছৰৰ পিচত বছৰ ধৰি একেই থকা পৰিলক্ষিত হয় (Real beneficiary deprived from govt schemes) ৷  

লগতে পঢ়ক : Exchange office of Namrup : সলনি হ‘ল নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰৰ ঠিকনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.