Pds Rice Seized in Bongaigaon: কোকিলাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল

By

Published : Jun 23, 2023, 4:27 PM IST

thumbnail

বঙাইগাঁও, 23 জুন: বৰষুণ, বানপানীৰ সুযোগ লৈ ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক'লা বেহা ৷ বৃহস্পতিবাৰে নিশা বঙাইগাঁও জিলাৰ কোকিলাত ৰাইজে জব্দ কৰিলে 35 বেগ চাউল ৷  

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলাত AS 15 C 5822 নম্বৰৰ বলেৰ' গাড়ীৰে চোৰাংকৈ চাউল নি থকাৰ সময়তে স্থানীয় ৰাইজে 35 বেগ চাউল জব্দ কৰে ৷ উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰা কোকিলা এলেকাত অসাধু লোকে চাউলৰ ৰমৰমীয়া ক’লা বেহা চলাই আছে যদিও আজিলৈকে এক বস্তা চাউলো আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই বুলি ৰাইজে অভিযোগ কৰি আহিছে ৷ 

কিন্তু বৃহস্পতিবাৰে নিশা একাংশ সচেতন ৰাইজৰ তৎপৰতাত চোৰাংকৈ সৰবৰাহ কৰা 35 বস্তা চাউল বাহনসহ জব্দ হয় ৷ স্থানীয় ৰাইজৰ সন্দেহ, সুলভ মূল্যৰ কোনো দোকানীয়ে দৰিদ্ৰৰ বিনামূলীয়া চাউল আত্মসাৎ কৰি ক’লা বজাৰত বিক্ৰী কৰিবলৈ আনিছিল ৷ ইতিমধ্যে কোকিলা আৰক্ষীক খবৰ দি বাহনসহ জব্দ কৰা চাউলখিনি চমজাই দিয়ে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Drugs Seized at Manikpur : মাণিকপুৰত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.