MP Rameswar Teli: ‘‘কংগ্ৰেছে ঢোল বজালেও এতিয়া অসমৰ ৰাইজে নানাচে’’; তেলীৰ দৃঢ় বিশ্বাস

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:50 AM IST

thumbnail

ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : কংগ্ৰেছ দলে হেৰুওৱা ভেটি পুনৰ উদ্ধাৰ কৰাৰ বাবে আৰম্ভ কৰা ‘‘বাগিচাই বাগিচাই কংগ্ৰেছ’’ কাৰ্যসূচীক লৈ শাসকীয় দলৰ নেতাই কংগ্ৰেছক সমালোচনা কৰিছে ৷ কংগ্ৰেছে আৰম্ভ কৰা ’’বাগিচাই বাগিচাই কংগ্ৰেছ’’ শীৰ্ষক কাৰ্যসূচীক লৈ কংগ্ৰেছক সমালোচনা কৰিলে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।  

কেন্দ্ৰীয় মন্ত্ৰীজনে কংগ্ৰেছক সমালোচনা কৰি কয়, ’’কংগ্ৰেছে এতিয়া ঢোল বজালেও অসমৰ ৰাইজে নানাচে । 2024 ভাৰতীয় জনতা পাৰ্টীক চাহ বাগিচা, গাঁও-চহৰ সকলোতে ৰাইজে আঁকোৱালি ল'ব । কংগ্ৰেছে এতিয়া সমষ্টিয়ে সমষ্টিয়ে ঘূৰি বিজেপিৰ মানুহ বিলাকক কংগ্ৰেছলৈ নিবলৈ চেষ্টা কৰিব কিন্তু অসমৰ ৰাইজে গম পাইছে কংগ্ৰেছে সত্তৰ বছৰ শাসন কৰি কি কৰিলে । সেয়ে পুনৰ অসমৰ ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু আহি থকা সকলো নিবাৰ্চনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব ।’’

লগতে পঢ়ক:Assam CM at Dibrugarh Airport : কেইবাজনো মন্ত্ৰী-সাংসদক লগত লৈ মোহনবাৰী বিমানবন্দৰত উপস্থিত মুখ্যমন্ত্ৰী শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.