Assam CM at Dibrugarh Airport : কেইবাজনো মন্ত্ৰী-সাংসদক লগত লৈ মোহনবাৰী বিমানবন্দৰত উপস্থিত মুখ্যমন্ত্ৰী শৰ্মা

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:21 PM IST

thumbnail

ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : আজি তিনিচুকীয়াত অনুষ্ঠিত হ’ব শাসক মিত্ৰদলৰ মন্ত্ৰী সাংসদ-বিধায়কসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । সমাগত লোকসভা নিবাৰ্চন আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা বাবে অনুষ্ঠিত হ’ব এইখন বৈঠক । শুকুৰবাৰৰ দিনটোৰ পৰা ৰাজ্যৰ কেইবাজনো মন্ত্ৰী-বিধায়কে তিনিচুকীয়াত বাহৰ পাতি থকাৰ পাচত আজি কেইবাজনো মন্ত্ৰী-সাংসদক লগত লৈ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

কেইবাটাও কাৰ্যসূচী হাতত লৈ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে তিনিচুকীয়া জিলালৈ ৰাওনা হয় মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীক এই ভ্ৰমণৰ সময়ত কেইবাজনো কেবিনেট মন্ত্ৰী তথা বিধায়কে সংগ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ সংবাদ মাধ্যমত কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে ৷

অৱশ্যে বিভিন্ন সমস্যা লৈ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ৰৈ থকা কেইবাজনো ব্যক্তিৰ সমস্যা বিমানবন্দৰতে বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Bhupen Borah in Dibrugarh : বতাহ-ধুমুহা আহিলেও কংগ্ৰেছৰ নেতৃত্বত অসমৰ 12 টা ৰাজনৈতিক দল একেলগে থাকিব; ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.