Thief Arrested in Guwahati: মহানগৰীত আৰক্ষীৰ জালত পৰিল দুটা চোৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:51 PM IST

thumbnail

গুৱাহাটী, 29 অক্টোবৰ : মহানগৰীত অব্যাহত আছে চোৰৰ টিঘিল-ঘিলনি । এইবাৰ মহানগৰীৰ পাথৰ কুঁৱেৰী আৰু চান্দমাৰী অঞ্চলত সংঘটিত হৈছে দুটাকৈ চুৰিকাণ্ড । পাথৰ কুঁৱেৰী অঞ্চলত নিৰ্মিয়মান অট্টালিকা এটাৰ পৰা লোহা চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিল এটা চোৰ ৷ ধৃত চোৰটো নাম মুলুক শ্বাহ বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি দেওবাৰে পুৱাৰ ভাগত পাথৰ কুঁৱেৰীত নিৰ্মিয়মান অট্টালিকাৰ পৰা চোৰটোৱে লোহা চুৰি কৰিছিল ৷ চুৰি কৰা লোহাৰসমূহ এখন ই ৰিক্সাত উঠাই আছিল । সেই সময়ত স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ত কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে চোৰটোক নুনমাটি আৰক্ষীক গতাই দিয়ে ।

আনহাতে চান্দমাৰীত এজন মেজিক চালকৰ পৰা মোবাইল কাঢ়ি লৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিল আন এটা চোৰ । স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । ধৃত চোৰটোৰ নাম পংকজ বৈশ্য বুলি জানিব পৰা গৈছে । ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে দুটা চুৰি মোবাইল জব্দ কৰা বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক:Chain snatchers : বেলতলাত বৃদ্ধাৰ ডিঙিৰ পৰা সোণৰ চেইন‌ টানি উধাও চিলনী চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.