Chain snatchers : বেলতলাত বৃদ্ধাৰ ডিঙিৰ পৰা সোণৰ চেইন‌ টানি উধাও চিলনী চোৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 2:05 PM IST

thumbnail

গুৱাহাটী ২৯ অক্টোবৰ: মহানগৰীত পুনৰ সংঘটিত হৈছে চেইন চুৰিৰ ঘটনা । মহানগৰীৰ বেলতলাত দেওবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে, বেলতলাৰ উদয়ন পথৰ লক্ষ্মী দেৱী নামৰ এগৰাকী বৃদ্ধাই আনদিনাৰ দৰে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিছিল । তেনে সময়তে বাইকত অহা হেলমেট পৰিহিত দুই যুৱকে বৃদ্ধাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন‌ টানি উধাও হয় ।

লগে লগে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক খবৰ দিয়ে যদিও চিলনী চোৰে উক্ত স্থানৰ পৰা পলকতে পলাই যাবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, শনিবাৰৰ দিনটোতো এই পথটোত অনুৰূপ ধৰণে চোৰে লুটি নিছিল এজন লোকৰ পৰা সোণৰ চেইন‌ । এইদৰে এতিয়া চিলনী চোৰে মহানগৰবাসীৰ নিদ্ৰাহৰণ কৰিছে সাধাৰণ জনতাৰ ।

বেলতলাৰ এই অঞ্চলটোত সঘনে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বশিষ্ঠ আৰক্ষীয়ে । এই ঘটনাৰ পাচতেই অপৰাধীক ধৰিবলৈ বশিষ্ঠ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক: City bus Burn : মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল চিটী বাছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.