City bus Burn : মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল চিটী বাছ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:48 PM IST

thumbnail

গুৱাহাটী, ২৯ অক্টোবৰ: শনিবাৰে নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন চিটী বাছ । মহানগৰীৰ পাঞ্জাবাৰীত পথৰ কাষত ৰখাই থোৱা অৱস্থাত জ্বলি উঠে চিটী বাছখন । নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে চিটী বাছখন । পিচত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় চিটী বাছখন । ভস্মীভূত হোৱা বাছখনৰ নম্বৰ হৈছে AS01JC5913 ।

বাছখনৰ চালকৰ অভিযোগ অনুসৰি কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে বাছখনত । বিগত প্ৰায় দুমাহ ধৰি উক্ত স্থানত সদায় ৰখা হৈছিল বাছখন ।আনহাতে, প্ৰত্যক্ষদৰ্শীৰ মতে, বাছখনৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ থকা সময়ত ভিতৰত জুই জ্বলা দেখা পোৱাৰ পাচত আৰক্ষীক খবৰ দিয়া হৈছিল । তৎমুহূৰ্ততে অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.