ৰেংকৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কোনো লাভ নহয়: শিক্ষামন্ত্ৰী - HS Result 2024

By ETV Bharat Assamese Team

Published : May 9, 2024, 3:24 PM IST

thumbnail
ৰেংকৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কোনো লাভ নহয় - শিক্ষামন্ত্ৰী (ETV BHARAT ASSAM)

জোনাই, 9 মে’ :  বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ ইয়াৰ মাজতে ধেমাজিৰ জোনাইত উপস্থিত হয় অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ জোনাইত উপস্থিত হৈ মন্ত্ৰীজনে কেইবাখনো আচঁনি পৰিদৰ্শন কৰে ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত এইবাৰ কোনো স্থান নিদিয়া সৰ্ম্পকে মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ পৰা অসমত চলি অহা এই পুৰণি নিয়ম পৰিৱৰ্তন কৰা হৈছে ৷ ভাৰতৰ লগতে পৃথিৱীৰ কোনো ঠাইতে এনেদৰে স্থান দিয়াৰ নিয়ম নাই ৷ ৰেংকৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কোনো লাভ নহয়  ৷ গতিকে সকলো শিক্ষাৰ্থীকে একে শাৰীতে ৰখা হৈছে ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে জোনাইৰ মুৰ্কংচেলেক টাউন উচ্চ মাধ্যমিক বিদ্যালয়, নিৰ্মীয়মান এটা অংগনৱাড়ী কেন্দ্ৰ আৰু মুৰ্কংচেলেক মাৰ্কেটিং ছ’চাইটিত পৰিদৰ্শন কৰে ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে জোনাইত চলি থকা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুকলি সভাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: এইবাৰৰ ফলাফল খুবেই আশাব্যঞ্জক : শিক্ষামন্ত্ৰী - Assam HS Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.