ETV Bharat / state

এইবাৰৰ ফলাফল খুবেই আশাব্যঞ্জক : শিক্ষামন্ত্ৰী - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 12:51 PM IST

ASSAM HS RESULT 2024
ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া (Etv Bharat Assam)

ASSAM HIGHER SECONDARY RESULT 2024 : উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ পাচত প্ৰথমটো প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ মন্ত্ৰীগৰাকীয়ে পূৰ্বতকৈ এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ভাল হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া (Etv Bharat Assam)

ধেমাজি, 9 মে’ : বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ৷ পোনপ্ৰথমবাৰৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ঘোষণা কৰা হৈছে এই ফলাফল ৷ পূৰ্বৰ তুলনাত সেয়ে কিছু ব্যতিক্ৰম বুলিব পাৰি এই ফলাফল ৷ পূৰ্বতে থকা স্থানপ্ৰাপকৰ বিপৰীতে এইবেলি মাথোঁ ফলাফলৰ তালিকাহে প্ৰকাশ কৰা হৈছে ৷ অৰ্থাৎ এইবেলি নাই কোনো স্থানপ্ৰাপকৰ সুকীয়া তালিকা ৷

এই ফলাফল খুবেই আশাব্যঞ্জক বুলি ফলাফল ঘোষণাৰ পাচত প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ মন্ত্ৰীগৰাকীয়ে পূৰ্বতকৈ এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ভাল হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

পেগুৱে লগতে কয় যে এইবাৰ 88.64 শতাংশ হৈছে উত্তীৰ্ণৰ হাৰ ৷ গতিকে প্ৰথমে তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি পাচত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা ব’ৰ্ডক ধন্যবাদ জ্ঞাপন কৰে ৷ কাৰণ ব’ৰ্ডৰ সদিচ্ছাৰ বাবেহে অতি কম সময়ৰ ভিতৰত এইবেলি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 6 জুনত ঘোষণা কৰা হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ৷ এনেধৰণে ফলাফল ঘোষণা কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ লগতে বিদ্যায়তনিক দিশৰ উন্নতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেয়া এইবেলি লাভ কৰা ফলাফলৰ দ্বাৰা উপকৃত হোৱা বুলি তেওঁ মন্তব্য কৰে ৷

কম সময়ৰ ভিতৰত ফলাফল ঘোষণা কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰৰ পৰিকল্পনাতো সহায়ক হয় ৷ সেয়ে এতিয়াৰে পৰা যিমান পাৰি কম সময়ৰ ভিতৰত ফলাফল ঘোষণাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷

দৰাচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ছাত্ৰ-ছাত্ৰীসকলক ফেৰ মাৰিব পৰাকৈ সাজু কৰি তোলাৰ উদ্দেশ্যেই এইবাৰ স্থানপ্ৰাপকৰ তালিকাৰ ব্যৱস্থা কৰা হোৱা নাই বুলি শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰে ৷ তদুপৰি তেওঁ বাক্সা জিলাৰ ফলাফলৰ দিশটো পৰ্যালোচনা কৰি কয় যে বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ বহুখিনি সুদূৰপ্ৰসাৰী কাৰ্যপন্থা গ্ৰহণ কৰা হৈছিল ৷ যাৰ বাবে জিলাখনে আজিৰ এই ফলাফলত সন্তোষজনক স্থিতি লাভ কৰিবলৈ সক্ষম হ’ল বুলি মন্ত্ৰী পেগুৱে সদৰী কৰে ৷

উল্লেখ্য যে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত বাক্সা জিলাই 95.86% উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাৰ তৃতীয় স্থানত আৰু 95.88% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্য শাখাৰ তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:

ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

স্থান ঘোষণা নকৰা সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ মনৰ ভাৱ জানি লওক - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.