অসম জাতীয় বিদ্যালয়ৰ ফলাফল সন্তোষজনক : ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ - Assam HS Result 2024

By ETV Bharat Assamese Team

Published : May 9, 2024, 2:32 PM IST

thumbnail
অসম জাতীয় বিদ্যালয়ৰ ফলাফল সন্তোষজনক (ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে’ : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে আশাব্যঞ্জক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰৰ ফলাফলত বিদ্যালয়খনৰ ছাত্ৰী কৃষাণী কলিতাই ৰাজনীতি বিজ্ঞানত ৰাজ্যিক সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰীগৰাকীয়ে উক্ত বিষয়ত ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰে ৷

আনহাতে, বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৪৯ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ ইয়াৰে ৪৮ গৰাকীয়ে উত্তীৰ্ণ হয় ৷ ৮৫% ৰ ওপৰত নম্বৰ লাভ কৰিছে ৫ গৰাকী শিক্ষাৰ্থীয়ে ৷ লগতে ষ্টাৰ নম্বৰ লাভ কৰে ১৪ গৰাকীয়ে ৷ সামগ্ৰিক ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৪১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ সমান্তৰালকৈ ৭৯ গৰাকীয়ে লাভ কৰে লেটাৰ নম্বৰ ৷

উল্লেখ্য যে, অসম জাতীয় বিদ্যালয়ৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ৪০ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে ৪০ গৰাকীয়ে উত্তীৰ্ণ হয় ৷ তদুপৰি ৮৫% ৰ ওপৰত নম্বৰ লাভ কৰে ১৪ গৰাকী পৰীক্ষাৰ্থীয়ে ৷ তাৰে প্ৰথম বিভাগত ৩৮ গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত ২ গৰাকীয়ে উত্তীৰ্ণ হয় ৷ বিদ্যালয়খনৰ পৰা ১৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে লেটাৰ নম্বৰ ৷

লগতে পঢ়ক: 100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.