Two persons killed in lightning strike:শিৱসাগৰত বজ্ৰ পৰি দুজন লোকৰ মৃত্যু

By

Published : Jun 9, 2023, 2:55 PM IST

thumbnail

শিৱসাগৰ, 9 জুন : উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসমত সকলোৱে কৰিছে বৰষুণৰ কামনা ৷ ঠায়ে ঠায়ে ৰাইজে লগে-ভাগে পাতিছে ভেকুলী বিয়া ৷ কোনো কোনো ঠাইত বৰষুণ অহাৰ লগতে ধুমুহায়ো দেখুৱাইছে তাণ্ডৱ  ৷ শেহতীয়াকৈ  শিৱসাগৰৰ ৰাইজক সকাহ দিয়াৰ অৰ্থে মেঘে গাজি দুটোপাল বৰষুণ আহিছিল যদিও গাজনিৰ লগতে অহা বজ্ৰপাতে কাঢ়ি লৈ গ’ল দুটি প্ৰাণ (Two persons killed in lightning strike) ৷

এই অঘটন সংঘটিত হ’ল শিৱসাগৰৰ পানবেচা অঞ্চলৰ ল'ৰাপোতা চেনীমৰা মিচিং গাঁৱত (Two persons killed in lightning strike in Sivasagar)। বজ্ৰ পৰি দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে পাঁচজন লোক আহত হয় ।  প্ৰাপ্ত তথ্য মতে আগতীয়া বড়ো ধানৰ খেতি পথাৰত চপাই থাকোঁতে পুৱা হোৱা পাতলীয়া বৰষুণৰ মাজতে পৰা বজ্ৰৰ আঘাতত মৃত্যু হয় অজয় য়েইন(৩৫) আৰু দিগন্ত মিলি(২৮) নামৰ যুৱক দুজনৰ । লগতে ধান কাটি থকা ৰুমী মিলি(১৯), গণেশ মিলি(২২), পুতলা য়েইন(১৭) আৰু উৰ্মিলা য়েইন(২০) বজ্ৰৰ আঘাতত আহত হয় । ইয়াৰে ৰুমী মিলিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Lightning strike in Sivasagar)।

লগতে পঢ়ক : Bridge collapse in Bihar: বিহাৰত ভাগিল এছ পি সিংলাই নিৰ্মাণ কৰা দলং; অসমতো এছ পি সিংলাৰ দলঙৰ ভৱিষ্যতক লৈ সন্দিহান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.