ETV Bharat / state

Bridge collapse in Bihar: বিহাৰত ভাগিল এছ পি সিংলাই নিৰ্মাণ কৰা দলং; অসমতো এছ পি সিংলাৰ দলঙৰ ভৱিষ্যতক লৈ সন্দিহান

author img

By

Published : Jun 8, 2023, 5:57 PM IST

এছ পি সিংলা নামৰ নিৰ্মাৰ্ণ সংস্থাটোৱে বিহাৰৰ ভাগলপুৰত নিৰ্মাণ কৰি থকা এখন দলং নিৰ্মীয়মান অৱস্থাতে ভাগি পৰাৰ ফলত সংস্থাটোৰ ওপৰত প্ৰশ্ন উঠিছে ৷ এছপি সিংলা নামৰ সংস্থাটোৱে অসমতো নিৰ্মাণ কৰি আছে এখন দলং (SP Singla construction Pvt ltd) ৷ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ সুৰক্ষাৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Bridge collapse in Bihar
বিহাৰত ভাগিল এছ পি সিংলাই নিৰ্মাণ কৰা দলং

বিহাৰত ভাগিল এছ পি সিংলাই নিৰ্মাণ কৰা দলং

গুৱাহাটী, 8 জুন: বিহাৰৰ ভাগলপুৰ জিলাত গংগা নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এখন দলং নিৰ্মীয়মান অৱস্থাতেই ভাগি পৰাৰ পিচতে প্ৰশ্ন উত্থাপন হৈছে নিৰ্মাণকাৰী সংস্থাটোৰ বিশ্বস্ততাক লৈ ৷ অসমতো একেটা সংস্থাৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ সুৰক্ষাকলৈ এতিয়া শংকাৰ সৃষ্টি হৈছে । SP Singla construction Pvt ltd নামৰ এটা বহিৰাগত কোম্পানীয়ে এই দলং দুখন নিৰ্মাণ কৰিছে (Bridge collapse in Bihar)।

উল্লেখ্য যে, বিহাৰৰ ভাগলপুৰ জিলাৰ গংগা নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ নিৰ্মাণত বিসংগতি থকা বুলি প্ৰাথমিক তদন্তত ধৰা পৰিছে । এই দলংখনৰ নিৰ্মাণৰ কাম যথেষ্ট লেহেমীয়া গতিৰে চলিছিল । ইপিনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ কামো শামুকীয়া গতিৰে চলি আছে । ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । ২০২০ চনৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল (Bridge construction in Assam) ।

মন কৰিবলগীয়া যে, ৰাজ্য চৰকাৰে ২০২৩ চনৰ ভিতৰত উত্তৰ গুৱাহাটীৰ ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু তিনি বছৰৰ অধিক সময়ত দলংখনৰ নির্মাণ ৬০ শতাংশ কামহে সম্পূৰ্ণ হৈছে । ইয়াৰ পৰা বুজা যায় যে, ২০২৩ চনত নির্মাণ সম্পূর্ণ কৰাৰ সম্ভাৱনা নাই এই দলংখনৰ । বৰ্তমানলৈ ব্ৰহ্মপুত্ৰ নদীত দলঙৰ ছটা খুঁটা বহুৱাৰ লগতে দুয়োপাৰে দলংখনৰ সংযোগী পথ নিৰ্মাণৰ কাম সমান্তৰালভাৱে চলি আছে ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাৰ্ণ কৰি থকা দলংখনৰ বাবে ব্ৰিকছৰ (BRICS) নিউ ডেভেলপমেন্ট বেংক চমুকৈ এন ডি বিয়ে ২০০০ কোটি টকাৰ ঋণ দিছে । দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডিপিআৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে । দলংখনৰ নির্মাণ সম্পূৰ্ণ হ'লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী পাবলৈ মাত্ৰ ৭ মিনিট সময়ৰ প্ৰয়োজন হ'ব (New bridge over River Brahmaputra) ।

লগতে পঢ়ক: Bihar Bridge Collapse: ভয়ংকৰ ! অন কেমেৰা ভাগি পৰিল নদীৰ ওপৰত নিৰ্মীয়মান পকী দলং

গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখন ছয় লেনযুক্ত হ'ব ৷ দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিমাৰ্ণ কৰা হ'ব ৷ ডি পি আৰ মতে, এ টি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণ কৰি থকা হৈছে ।

উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ পইন্টত স্পৰ্শ কৰিব ৷ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেক্সৰ পইন্টলৈ আহিব পাৰিব৷ দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷

দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী 'Y' ৰ দৰে নিৰ্মাণ কৰা হ'ব ৷ দলংখনৰ দক্ষিণ দিশত অর্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত এটা আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সন্মুখত আন এটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব ৷ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হ'ব ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ ৩৯০ মিটাৰ তলেৰে যাব ৷ তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিমাৰ্ণ কৰা হ'ব (Guwahati North Guwahahti connected bridge) ৷

উত্তৰ গুৱাহাটীৰ ৰেল আলিৰ ওপৰেৰে যাব লগা ৰাস্তাটোত দুটা ৰোড অভাৰ ব্ৰীজ চমুকৈ আৰ অ' বি নিৰ্মাণ কৰা হ'ব৷ আনহাতে কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব ৷ মনকৰিবলগীয়া যে, যোৱা ২০২০ চনৰ পৰা বৰ্তমানলৈকে তিনি বছৰৰ অধিক সময়ত মূল দলংখনৰ নদীত খুঁটা বহুৱাৰ কামে সম্পূৰ্ণ হোৱা নাই । আকৌ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সন্মুখত ৰ'টাৰী নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই । আকৌ দুয়োটা ৰ'টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নির্মাণ কৰাৰ কাম নামমাত্ৰ আৰম্ভ হৈছে । যাৰ বাবে নিৰ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূর্ণ হোৱাৰ সম্ভাৱনা নাই ।

ইপিনে দলংখনৰ সন্দৰ্ভত বিশিষ্ট অভিযন্তা কৈলাশ শৰ্মাই কয় যে, গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনৰ নিৰ্মাণ চলি থকাৰ এই সময়ত কাৰিকৰী দিশবোৰ ভালদৰে চোৱা ভাল । কাৰণ ভৱিষ্যতে যাতে বিহাৰৰ দৰে অৱস্থা নহয় । তাৰ বাবে আগতীয়াকৈ সৰ্তকতা অৱলম্বন কৰা উচিত । শৰ্মাৰ মতে অকল বাহিৰৰ কোম্পানী হ'লে ভাল‌ হ'ব সেয়া ক'ব নোৱাৰি । তেওঁ কয়, "দলংখনৰ নিৰ্মাণৰ দিশটো নিৰীক্ষণ কৰাৰ বাবে আমাৰ বিশেষজ্ঞসকলক লৈ এখন স্বতন্ত্ৰ কমিটী গঠন কৰিব লাগে । মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ অনুৰোধ যাতে চৰকাৰে এই নীৰিক্ষণৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰে । যাতে ভৱিষ্যতে বিহাৰ দৰে অৱস্থাৰ সৃষ্টি নহয় ।’’

লগতে পঢ়ক: Bihar Bridge Collapse : উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা, মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

এই দলংখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে, বিহাৰৰ দলংখন যিটো কোম্পানীয়ে নিৰ্মাণ কৰি আছিল, সেই কোম্পানীটোৱে কলিয়াভোমৰা দলংখন নিৰ্মাণ কৰিছে । কোম্পানীটোৱে নিৰ্মাণ কৰি থকা দ্বিতীয়খন দলং হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং । টাইৱানৰ এটা কোম্পানীয়ে দলংখনৰ নক্সা প্ৰস্তুত কৰিছে । ব্ৰাজিলৰ এটা কোম্পানীয়ে দলংখনৰ নিৰ্মাণৰ কামৰ পৰ্যবেক্ষণ কৰি আছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, দলংখনৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰাৰ বাবে আই আই টি ৰুড়কীক জড়িত কৰা হ'ব । লগতে বিহাৰত দলংখন কিয় খহি পৰিল তাৰ কাৰণ জানিবৰ বাবে অসমৰ অভিযন্তাৰ এট দল প্ৰেৰণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.