Majuli Ras Festival : মাজুলীৰ ৰাস দর্শনাৰ্থীৰ বাবে নতুন ফেৰীৰ ব্যৱস্থা

By

Published : Oct 20, 2022, 4:08 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ (Majuli Ras festival) । মাজুলীৰ ৰাস মহোৎসৱক লৈ নতুন পৰিকল্পনা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ । দুখন নতুন জাহাজ মাজুলী আৰু নিমাতীৰ মাজত চলাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ (IWT) সঞ্চালক পাৰ্থ পেগুৱে (two new ferry for Majuli in Ras) । মাজুলীৰ আগন্তুক ৰাস মহোৎসৱৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (Inland Water Transport) চলাব ৰাস দর্শনাৰ্থীৰ বাবে অতিৰিক্ত ফেৰী । মাজুলীত উপস্থিত হৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পাৰ্থ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে । ইয়াৰ বাবে অফলামুখ আৰু কমলাবাৰী পাৰঘাটত অতিৰিক্ত ৰেম্প তৈয়াৰ কৰিব । লগতে অতিৰিক্ত দুখন জাহাজ গুৱাহাটীৰ পৰা ৰাসৰ পূৰ্বে আহি মাজুলী পাব বুলি জনাইছে (new ferry to Majuli from Guwahati) । ৰাসৰ সময়ত বিয়লি নিমাতীৰ পৰা শেষৰ ফেৰীখনৰ সময় হ'ব ৩.৩০ বজাত ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.