Woman missing: "মা তুমি য’তেই আছা সোনকালে ঘৰলৈ আহা"- নিখোজ মাতৃক বিচাৰি সন্তানৰ আৰ্তনাদ

By

Published : Aug 13, 2023, 8:56 PM IST

thumbnail

যোৰহাট, 13 আগষ্ট : "মা তুমি য’তেই আছা সোনকালে ঘৰলৈ আহা, আমালৈ মনত পৰা নাইনে তোমাৰ ? আমাৰ তোমালৈ বৰকৈ মনত পৰিছে মা..." মাতৃক বিচাৰি এহাল কণমানিৰ আৰ্তনাদ ৷ 

ঘটনা অনুসৰি, যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমা ফুলবাৰীৰ পৰাৰ সন্ধানহীন হৈছে এগৰাকী বিবাহিতা মহিলা । যোৱা বৃহস্পতিবাৰ 10 আগষ্টৰ পৰাই সন্ধানহীন হৈ আছে পল্লৱী কোঁৱৰ নামৰ মহিলাগৰাকী । স্বামীয়ে সেইদিয়াই প্ৰতিদিনৰ দৰে জ’বকাৰ্ডৰ কাম কৰি ঘৰলৈ আহি পত্নীক বিচাৰি নাপায় আৰু পত্নীলৈ বাৰে বাৰে ফোন কৰে যদিও কোনো সঁহাৰি নাপায় ৷

উপায়ন্তৰ হৈ সন্ধানহীন স্বামীয়ে মাধপুৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব নোৱাৰাত স্বামী বুবুল হাজৰিকাই দুঃচিন্তাত দিন কটাবলগীয়া হৈ পৰিছে ৷ দুটি সন্তানক বুকুত লৈ উজাগৰে নিশা কটাইছে স্বামী হাজৰিকাই । কোনো সদাশয় ব্যক্তিয়ে যদি মহিলাগৰাকীৰ সন্ধান লাভ কৰে 60019 89992নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী বুবুল হাজৰিকাই ৷

লগতে পঢ়ক: 77th Independence Day: ‘চেল্যুট ত্ৰিৰংগা অসম’ৰ বাইক ৰেলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.