Tribute to Jayanta Hazarika: জয়ন্ত হাজৰিকালৈ মনত পৰিলে কিয় নিজকে অপৰাধী যেন লাগে হেমন্ত দত্তৰ ?

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 6:35 AM IST

thumbnail

মঙলদৈ, 15 অক্টোবৰ: আজি অসমবাসীৰ বুকুৰ আপোন শিল্পী জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ ১৯৭৭ চনৰ আজিৰ দিনটোতেই কলকাতাত মাত্ৰ ৩৪ বছৰ বয়সত অকাল মৃত্যুক আঁকোৱালি লৈছিল জয়ন্ত হাজৰিকাই । জীৱনৰ চমু পৰিক্ৰমাত তেওঁ অসমীয়া সংগীতৰ মান বহু উচ্চ পৰ্যায়লৈ লৈ গৈছিল ৷ তেওঁ অসমীয়া সংগীতক প্ৰদান কৰিছিল এক নতুন মাত্ৰা ৷

আজি এই দিনটোত শিল্পীগৰাকীক স্মৰণ কৰি তেওঁৰ বাবে কেইবাটাও কালজয়ী গীত ৰচনা কৰা গীতিকাৰ হেমন্ত দত্তই কয়, ‘‘মই লিখা গীত জয়ন্তই গাইছিল ৷ বহুত জনপ্ৰিয়ও হৈছিল । বহু কাম আধৰুৱা হৈ ৰৈছিল ৷ জয়ন্ত হাজৰিকাৰ বাবে মই প্ৰথম গীতটো লিখিছিলোঁ ‘‘মই যি বাটেৰে ওলালোঁ আজি’’ ৷ সেই গীতটো জয়ন্তৰ মৃত্যুৰ পিচতহে জনপ্ৰিয় হ’ল  ৷ সেইবাবে মোৰ নিজকে অপৰাধী যেন বোধ হয় ৷’’ এনেদৰেই জয়ন্ত হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰিলে বিশিষ্ট গীতিকাৰ তথা নাট্যকাৰ গৰাকীয়ে ৷

লগতে পঢ়ক: Tribute to Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকালৈ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.