খানাপাৰাত টেক্সি ছিণ্ডিকেটৰ অভিযোগ, চালকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:02 PM IST

thumbnail

গুৱাহাটী, ১২ ডিচেম্বৰ : কাঠ, কয়লা আৰু আন আন ছিণ্ডিকেটৰ দৰে খানাপাৰাত এতিয়া টেক্সি ছিণ্ডিকেট আৰম্ভ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ খানাপাৰাৰ পৰা প্ৰতিদিনে মেঘালয়লৈ যোৱা বাহনসমূহক লৈ আৰম্ভ হৈছে ছিণ্ডিকেট । উক্ত ছিণ্ডিকেটৰ বিৰুদ্ধে খানাপাৰাত মঙলবাৰে গুৱাহাটী ট্যুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গুণ্ডাৰাজ বন্ধ কৰক, দালালৰাজ বন্ধ কৰক, চালকৰ ওপৰত অত্যাচাৰ নচলিব আদি শ্ল'গানেৰে মঙলবাৰে খানাপাৰাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে অল্ গুৱাহাটী ট্যুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নে । ইউনিয়নৰ কর্মকর্তাসকলে গুণ্ডাকৰ বন্ধৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । একাংশ প্ৰতিবাদকাৰীয়ে জনোৱা অনুসৰি দীর্ঘদিনৰ পৰা শ্বৰীফ আলী আৰু জিতু দাস নামৰ দুই যুৱকৰ নেতৃত্বত এটা চক্ৰই খানাপাৰাত ছিণ্ডিকেট চলাই আছে । উক্ত চক্ৰটোৱে খানাপাৰা ষ্টেণ্ডত ৰখোৱা গাড়ীৰ চালকসকলৰ পৰা নিতৌ দাবী-ধমকি দি ধন সংগ্ৰহ কৰি আহিছে ।

ধন দিবলৈ অমান্তি হোৱা চালকসকলক মাৰপিট কৰি উক্ত চক্ৰটোৱে এক অবাঞ্চিত পৰিৱেশৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ 'লোকেল'ৰ পৰিচয়েৰে উক্ত চক্ৰটোৱে নিতৌ একোখন বাহনৰ পৰা তিনিশৰ পৰা চাৰিশ টকা পর্যন্ত গুণ্ডাকৰ সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপিত হৈছে । তেনেদৰে গুণ্ডাকৰ সংগ্ৰহ কৰাত শেহতীয়াকৈ উক্ত আস্থানত বাছ-টেক্সি ৰখোৱা চালকসকল বিপদত পৰিছে বুলিও প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে । বিষয়টোৰ সন্দৰ্ভত কেবাগৰাকীও চালকে খানাপাৰা যান-বাহন আৰক্ষী চকীৰ লগতে বশিষ্ঠ আৰক্ষীক অৱগত কৰোৱাৰ পিছতো আজি পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী চালকসকলে ।

লগতে পঢ়ক : কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.