HSLC examination 2023 : লখিমপুৰত HSLC পৰীক্ষাত অৱতীৰ্ণ ১৮ হাজাৰোধিক শিক্ষাৰ্থী

By

Published : Mar 3, 2023, 12:41 PM IST

Updated : Mar 3, 2023, 2:25 PM IST

thumbnail

লখিমপুৰ, 3 মাৰ্চ : আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC examination ২০২৩) । লখিমপুৰ জিলাত এইবাৰ অৱৰ্তীৰ্ণ হৈছে ১৮ হেজাৰ ৪৪৭ গৰাকী পৰীক্ষাৰ্থী (Total 18447 candidates sat for HSLC examination 2023 in Lakhimpur)। জিলাখনৰ ৬১ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে । ইতিমধ্যে আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলাখনৰ ১৪ হেজাৰ ১৮০ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীৰ্ণ হৈছে ।

এই দুয়োটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন, শিক্ষা বিভাগৰ লগতে আৰক্ষী প্ৰশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে । পৰীক্ষা কেন্দ্ৰসমূহক কেন্দ্ৰ কৰি এশ বৰ্গমিটাৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰি তিনিজনৰ অধিক লোকৰ সমাগম বন্ধ কৰা হৈছে ।

তেনেদৰে এই এলেকাত অস্ত্ৰ-শস্ত্ৰ, দা-লাঠি আদি লৈ ফুৰাটোও কঠোৰভাৱে বাৰণ কৰা হৈছে । পিছে কেৱল ঘোষণাতে সীমাবদ্ধ হ’ল এই নিষেধাজ্ঞা । কিয়নো পৰীক্ষা কেন্দ্ৰসমূহৰ গেটৰ সন্মুখত এক বিপৰীত প্ৰতিচ্ছবিহে পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

Last Updated : Mar 3, 2023, 2:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.